বিতৰ্কিত 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ বিৰোধিতাৰে দেওবাৰে গুৱাহাটীত একাংশ সচেতন নাগৰিকে গণৰাজ্য দিৱস পালন কৰিব।অসম নাগৰিক সমাজ আৰু ছাত্ৰ সমাজৰ উদ্যোগত আৰু গুৱাহাটীবাসী ৰাইজৰ সহযোগত ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ সমীপৰ লক্ষ্মীনাথ বেজবৰুৱা পথত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি 'কা'ৰ বিৰোধিতাৰে পাঠ কৰা হ'ব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা।পুৱা ১০.৩০ আৰম্ভ হ'ব সংবিধানৰ প্ৰস্তাৱনাৰ পাঠ।এই কথা জানিবলৈ দিছে ছাত্ৰ সমাজৰ হৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই। উল্লেখ্য যে গণৰাজ্য দিৱসৰ এই সংবিধানৰ প্ৰস্তাৱনাৰ পাঠ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছে অসম নাগৰিক সমাজৰ হৈ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰাক্তন অসম আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, পৰেশ মালাকাৰৰ লগতে অন্যান্য বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে। আনহাতে,উদ্যোক্তাসকলে গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অসমৰ প্ৰতিগৰাকী সংগ্রামী জনতাক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
- Log in to post comments
- 16 views