"বড়ো সমস্যাৰ শান্তিপূৰ্ণ সমাধান, স্থায়ী শান্তি, অসমৰ অখণ্ডতাৰ বাবে কৰা হ'ব চুক্তি"- এই মন্তব্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।শনিবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়-'অসমৰ কোনো বিভাজন নহয়।ভাৰত চৰকাৰে বড়ো শান্তি চুক্তিৰ বাবে প্ৰচেষ্টা চলাইছে।' বহুতে কৈছে অসমৰ পৰা পৃথক হৈ ইউনিয়ন টেৰিটৰি গঠন হ'ব।অবিভক্ত শোণিতপুৰ জিলা বড়োলেণ্ডত অন্তৰ্ভুক্ত হ'ব।সেই প্ৰসংগত মন্ত্ৰী শৰ্মাই কয়-'কোনো ইউনিয়ন টেৰিটৰি গঠন নহয়।খণ্ডিত নহয় অসম।অবিভক্ত শোণিতপুৰ জিলাৰ কোনো অংশ নোসোমাই বড়ো চুক্তিত।সেয়াই নহয় অসমৰ কোনো অঞ্চলৰ নতুনকৈ অন্তৰ্ভুক্তি নহয়।'
- Log in to post comments
- 21 views