"বোকাখাটত অতুল বৰাই সন্দেহযুক্ত বাংলাদেশীৰ মিটিং পাতিলে।তেওঁলোকৰ লগত যে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ নাই,সেয়া প্ৰকট হৈছে বোকাখাটৰ শান্তি সমদলৰ সভাত"-বীৰ লাচিত সেনা,অসমৰ এখন সংবাদ মেলত এই মন্তব্য বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ।
নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনৰ পটভূমি অসমৰ ছাত্ৰ সমাজে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি চলিহাই আৰু কয়-"কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে"।
"অসমত গণতন্ত্ৰৰ চৰকাৰ চলি থকা নাই।অসমত এতিয়া বিজেপিতন্ত্ৰৰ চলিছে।বিজেপিৰ বিৰোধ কৰা সকলো লোক দেশদ্রোহী আৰু বিজেপিক সমৰ্থন কৰা সকলো লোক দেশপ্ৰেমিক"-চলিহাই লগতে কয়।
'কা'ৰ বিৰুদ্ধে আলফাই এতিয়া মৌন ভূমিকা লৈছে।কি কাৰণে লৈছে,সেয়া পৰেশ বৰুৱাই জানিব।আমাৰ স্পষ্ট কথা 'কা' বিৰোধী স্থিতি যিয়ে লয়,স্পষ্ট আৰু দৃঢ়ভাৱে ল'ব লাগে"- শৃংখল চলিহাই কয়।
- Log in to post comments
- 21 views