অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনত 'অৰুনোদই' শীৰ্ষক মায়াৰাম তামুলী সোঁৱৰণি সাংবাদিক সন্মিলনত সভাই অসমৰ ৩৩ খন জিলাৰ একোজনকৈ সাংবাদিকক সন্মান প্রদান কৰিব।এই সাংবাদিকসকলৰ ভিতৰত নলবাৰী জিলাৰ সাংবাদিক হিচাপে সন্মানিত হ'ব লগা সাংবাদিকগৰাকী হৈছে 'নিউজ এএছএন'ৰ বাহাৰঘাটৰ সংবাদদাতা নৰেন শৰ্মা।নিষ্ঠাৰে আৰু সাংবাদিকতাৰ মূল্যবোধ বৰ্তাই ৰাখি সংবাদসেৱা কৰি অহাৰ বাবেই নৰেন শর্মাক অসম সাহিত্য সভাই সন্মানিত কৰিব।নৰেন শৰ্মাক 'নিউজ এএছএন'ৰ পৰিচালন কৰ্তৃপক্ষ আৰু বাতৰি ডেস্কৰ পৰা অভিনন্দন জ্ঞাপন কৰা হৈছে।শর্মাৰ নিষ্ঠাপূৰ্ণ সাংবাদিকতাৰ ধাৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে।
- Log in to post comments
- 215 views