নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উজনি অসমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ জিম্মালৈ প্ৰেৰণ।শুকুৰবাৰে গুৱাহাটীৰ নিয়াৰ আদালতত কোঁৱৰক হাজিৰ কৰোৱাৰ পিছতে বিশেষ আদালতে ৭ দিনৰ বাবে প্ৰেৰণ কৰে জিম্মালৈ।উল্লেখ যে যোৱা ২০ জানুৱাৰীৰ পৰা সোণাপুৰস্থিত নিয়াৰ কাৰ্যলয়ত ছাত্ৰ মুক্তিৰ নেতাগৰাকীক সোধ-পোচৰ অন্তত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল নিয়াই। আদালতত হাজিৰ কৰোৱাৰ সময়ত কোঁৱৰে কয়-"কা' বাতিল হ'ব লাগিব।জয় আই অসম"। গুৰুত্বপূৰ্ণ কথা এই যে কৃষক মুক্তি সংগ্রাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্রাম সমিতি।ইতিমধ্যে কৃষক নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱালক নিয়াই গ্ৰেপ্তাৰ কৰাৰ পিছত কাৰাগাৰত দিন অতিবাহিত কৰিছে।
- Log in to post comments
- 11 views