অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত দোষী সাব্যস্ত এনডিএফবি নেতা ৰঞ্জন দৈমাৰীৰ এমাহৰ বাবে জামিন মঞ্জুৰ কৰা হৈছে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে জামিন মঞ্জুৰ কৰিছে দৈমাৰীৰ।বড়ো শান্তি চুক্তিত অংশগ্ৰহণৰ সুবিধাৰ্থে দৈমাৰীক দিয়া হৈছে অগ্ৰীম জামিন।শনিবাৰে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাব দৈমাৰী।কাৰাগাৰৰ পৰা ওলায়ে দৈমাৰী ৰাওনা হ'ব দিল্লীলৈ।দিল্লীত বড়ো সংগঠনৰ সকলো বিষয়ববীয়াৰে মিলিত হ'ব বৈঠকত।উল্লেখ্য যে ৰাজ্য কপোঁঁৱা ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকাৰ অপৰাধত দৈমাৰীক নিয়াৰ আদালতে ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।
- Log in to post comments
- 24 views