মহানগৰীৰ বেলতলা ৱায়াৰলেচৰ বশিষ্ঠপুৰত বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা দুই কণমানিৰ নিথৰ দেহ পঞ্চভূতৰত বিলীন হ'ল।তুষাৰ গোস্বামী আৰু শিল্পী গোস্বামীৰ দুই কণমানি সন্তান ঈশান গোস্বামী আৰু ইবন গোস্বামীৰ নৱগ্ৰহত শুকুৰবাৰে এক শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰে দুৰ্ভগীয়া পিতৃ তুষাৰ গোস্বামীয়ে।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পোষ্টমৰ্টেমৰ পিছত পোনে পোনে দুই কণমানিৰ নিথৰ দেহ বগা কাপোৰেৰে ঢাকি লৈ অহা হয় নৱগ্ৰহলৈ।শিশু দুটিৰ নিথৰ দেহ আহি পোৱাৰ লগে লগে নৱগ্ৰহত সৃষ্টি হয় এক বুজাব নোৱাৰা শোকাকুল পৰিৱেশৰ।মৰমৰ কণমানি দুটাক হেৰুৱাই দুখত ভাগি পৰে নৱগ্ৰহত উপস্থিত থকা প্ৰতিগৰাকী আত্মীয়ৰ লগতে শুভাকাংক্ষীসকল।
ঈশান-ইবনৰ চিতাত পিতৃয়ে গোলাপ ফুল আৰু চকলেট গুজি দি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে।আনহাতে মৰমৰ সন্তান দুটা যে চিৰদিনৰ বাবে হেৰাই গ'ল সেই কথা আজিহে জানিব পাৰিলে দুৰ্ভগীয়া মাতৃ শিল্পী গোস্বামীয়ে।
উল্লেখ্য যে নৱগ্ৰহত শেষ বিদায়ৰ মুহূৰ্তত বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত থাকে।
- Log in to post comments
- 23 views