'নিয়া'ৰ আদালতত 'জয় আই অসম' কৈ কৃষক নেতা অখিল গগৈৰ ৰাইজলৈ আহ্বান-'এতিয়া প্ৰতীকী আন্দোলনৰ সময় শেষ।চৰকাৰক বাধ্য কৰিব পৰা জোৰদাৰ আন্দোলন হ'ব লাগে।অসমত এতিয়ালৈকে জোৰদাৰ আন্দোলন হোৱা নাই।' আন্দোলন ঐক্যবদ্ধ নহ'লে অসমীয়া জাতি বিশ্বাসঘাটকতাৰ বলি হ'ব বুলি উল্লেখ কৰি গগৈয়ে কয়-'ৰাইজে ঐক্যবদ্ধ হৈ জোৰদাৰ আন্দোলন কৰক।'
ইফালে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত অখিলে কয়-'অসমৰ ৰাইজে জানে কিয় আমাক গ্ৰেপ্তাৰ কৰি থকা হৈছে।সকলোবোৰ ভুৱা গোচৰত আমাৰ মানুহক আটক কৰিছে।'
ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত শুকুৰবাৰে পুনৰ কৃষক নেতা অখিল গগৈক হাজিৰ কৰোৱা হৈছে আদালতত।ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ গুৱাহাটীৰ আদালতত কটকটীয়া নিৰাপত্তাৰ মাজত গগৈক হাজিৰ কৰোৱা হৈছে।
- Log in to post comments
- 176 views