ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰাত আজি পুনৰ কৃষক নেতা অখিল গগৈক হাজিৰ কৰোৱা হ'ব আদালতত। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ৰ গুৱাহাটীৰ আদালতত কটকটীয়া নিৰাপত্তা মাজৰে হাজিৰ কৰোৱা হ'ব গগৈক।উল্লেখ্য,নাগৰিকত্ব সংশোধনী আইন- ২০১৯ৰ বিৰূদ্ধে কৃষক নেতাগৰাকীয়ে উজনি অসমত শক্তিশালী আন্দোলন আৰম্ভ কৰাৰ পিছতে ১২ ডিচেম্বৰত যোৰহাট আৰক্ষীয়ে আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল গগৈক।তাৰ পিছতে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে কৃষক নেতাগৰাকীক যোৱা ১৬ ডিচেম্বৰত মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নিয়াই।তাৰ পিছত ১০ দিন নিয়াৰ জিম্মাত থকাৰ পিছত বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ।
- Log in to post comments
- 42 views