বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব আত্মসমৰ্পণ অনুষ্ঠান।ৰাজ্যখনৰ আলফা(স্বা), এনদিএফবি, কেএলঅ', এনএলএফ, আদিবাসী ড্ৰেগন ফৰ্চকে আদি কৰি বহুকেইটা উগ্ৰপন্থী সংগঠনৰ মুঠ ৬৪৪ গৰাকীৰ কেডাৰে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিব।প্ৰাপ্ত খবৰ অনুসৰি আলফা(স্বা)ৰ ৫০জন,এনডিএফবিৰ ৮ জন কেডাৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পণ কৰিব। গুৰুত্বপূৰ্ণ কথা এই যে বিগত দুটা বছৰত মূলসুঁতিলৈ উভতি আহিছিল আত্মসমৰ্পন কৰিব লগা উগ্ৰপন্থীসকল।আত্মসমৰ্পণৰ বাবে অহা একাংশ কেডাৰে ম্যানমাৰত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে। লক্ষণীয় কথা এয়ে বিগত কেইটামান দিনত আলোচনাৰ বাবে আগবাঢ়ি আহিছে এনডিএফবিৰ বহুসংখ্যক কেডাৰ।
- Log in to post comments
- 17 views