অসমবাসীলৈ 'আছু'ৰ আহ্বান-মেজিৰ জুইত দাহ কৰক জাতিধ্বংসী 'কা'

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।তাৰ মাজতে সদৌ অসম ছাত্ৰ সন্থা,শিল্পী-সমাজ,৩০ জনগোষ্ঠীয় সংগঠনৰ অসমবাসীলৈ বিনম্ৰ আহ্বান- 'প্ৰত্যেকে মেজি জুইত দাহ কৰক অসমীয়া বিৰোধী, খিলঞ্জীয়া বিৰোধী, অগণতান্ত্ৰিক, সংবিধান বিৰোধী, সাম্প্ৰদায়িক 'কা'।লগতে প্ৰতিজন খিলঞ্জীয়াই সংকল্প লওক আইন বাতিল নোহোৱা পর্যন্ত সংগ্রাম অব্যাহত ৰখাৰ।' এই সন্দৰ্ভত 'আছু'ৰ মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-"প্ৰতিজন অসমীয়াই জাতীয় উৎসৱ ভোগালী বিহু পাতক।ভোগালীৰ মেজিৰ জুইত দাহ কৰক জাতি বিৰোধী 'কা'ৰ প্ৰতিলিপি।" ইয়াৰ উপৰিও অহা ১১ জানুৱাৰীত আছু,৩০ জনগোষ্ঠীয় সংগঠনে 'কা' বাতিলৰ দাবীত ৰাজ্যজুৰি ৰূপায়ণ কৰিব জোঁৰ সমদল।এই কথা বৃহস্পতিবাৰে গুৱাহাটীৰ ৰণশিঙা কাৰ্যসূচীত ঘোষণা কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ ভট্টাচাৰ্যই।

Your Comments