অগপক দেশ,জাতি,মাটি,ভেঁটি নালাগে,লাগে গাদীহে-শংকৰ প্ৰসাদ ৰায় 

Pic

বঙাইগাঁঁৱৰ প্ৰতিবেদক:

'দেশ,জাতি-মাটি- ভেটিৰ কথা কোৱা অগপ দলটো এতিয়া নিজৰ দলটোক বচাবলৈহে লাগি পৰিছে ৷ জাতি- মাটিৰ কথা বাদ দিছে ৷ অগপই যে নিজৰ দলটোক উদ্ধাৰ কৰাৰ বাবে লাগি পৰিছে,সেয়া দেওবাৰে বঙাইগাঁৱৰ সতীৰ্থ সন্মিলনৰ জৰিয়তে প্ৰমাণিত হ'ল ৷ কিন্তু এই সভাত বঙাইগাঁওবাসী ৰাইজে সঁহাৰি নিদিলে ৷' এই মন্তব্য বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ ৷ সোমবাৰে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত জিলা সভাপতি ৰায়ে কয় যে অগপ দলৰ এতিয়া জাতি-মাটি উদ্ধাৰৰ চিন্তা নহয় ৷ চিন্তাটো হ'ল দল ৰক্ষাহে ৷ এই দল ৰক্ষাৰ বাবে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ লগতে তেওঁলোকৰ সাংগো- পাংগোসকলে আঞ্চলিকতাবাদৰ নামত এটা যে ভণ্ড,দৰ্শনহীন,আদৰ্শহীন ৰাজনীতি কৰি আছে,তাৰ ফোপোলা স্বৰূপ এটা ওলাই পৰিল আৰু তেওঁলোকৰ জোলোঙাৰ মেকুৰী পুনৰবাৰ অসমৰ ৰাইজে দেখা পালে ৷ সেইবাবে আছুৰ বঙাইগাঁও জিলা সমিতিয়ে অগপ নেতৃত্বক বঙাইগাঁওবাসী ৰাইজৰ হৈ ক'লা পতাকা প্ৰদৰ্শন কৰি আদৰণি জনালে ৷ ইফালে,সভাত কংগ্ৰেছৰ বিৰুদ্ধে বহু কথা কৈছে বুলি কৈ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আমি মানি লৈছো যে কংগ্ৰেছে বেয়া কাম কৰিছে বাবে অগপ- বিজেপি দলক শাসনলৈ আনিছে ৷ কিন্তু এতিয়া অগপ- বিজেপিয়ে কি কৰি আছে ? ১৬ মে'ত বাংলাদেশী খেদিম বুলি কৈ এতিয়া বাংলাদেশী অনাৰ বাবে চিন্তা কৰি কাম আৰম্ভ কৰিছে ৷ গতিকে অগপই দেওবাৰে দেশ, জাতি,মাটি ,ভেঁটি ৰক্ষাৰ বাবে নহয় ,বৰং ফণীভূষণ চৌধুৰীৰ মুখখন উলিয়াব লাগে আৰু অগপ দলটো বচাব লাগে বাবেহে সভাৰ আয়োজন কৰিছে ৷ এই সভালৈ ক'ৰবাৰ চৰ অঞ্চল তথা বৰপেটা,গোৱালপাৰা, ধুবুৰী আদি বিভিন্ন ঠাইৰ পৰা মানুহ আনিছে ৷ বঙাইগাঁও সমষ্টিৰ মানুহ একেবাৰে কম আছিল ৷ তদুপৰি, বঙাইগাঁৱত অগপ দলৰ ভেঁঁটি বুলি কৈ আহিছে যদিও সেই ভেঁঁটি যে খহিছে দেওবাৰৰ সভাই প্ৰমাণ কৰিছে ৷ আনহাতে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সভাত তেওঁলোকে  চৰকাৰৰ ভিতৰত থাকি 'কা'ৰ বিৰোধিতা কৰি যাব বুলি কৰা মন্তব্য সন্দৰ্ভত জিলা কংগ্ৰেছৰ সভাপতি ৰায়ে কয় যে এয়া হৈছে তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ ৷ কাৰণ তেওঁলোকেই কৈছিল যে দলৰ সাধাৰণ সভাত 'কেব'ৰ বিৰোধিতা কৰৰা প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷ সেয়ে এওঁলোকৰ নাম গিনীজ বুকত লিখাতো উচিত হ'ব ৷ আইনখন ইতিমধ্যে গৃহীত হ'ল আৰু তেওঁলোকে নিজে ভোটো দিলে ৷ আকৌ কৈছে যে চৰকাৰৰ ভিতৰত থাকি বিৰোধিতা কৰি যাব ,যুঁজ দিব ৷ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে এক ইঞ্চিও আতৰি নাযায় বুলি ৷ লাজ নাই ৷ কেৱল গাদী ৰক্ষা কৰিব লাগে ৷ দেশ, জাতি,মাটি,ভেঁটিলৈ এওঁলোকৰ চিন্তা নাই ৷ কেৱল গাদী গাদী গাদী।গাদীৰ বাহিৰে আৰু এওঁলোকৰ আন কোনো চিন্তা নাই ৷ ভাষা নাথাকিব, দেশ নাথাকিব, সংস্কৃতি আদি যে একো নাথাকিব সেইবোৰলৈ চিন্তা কৰিবলৈ আহৰি নাই অগপৰ ৷ জাতীয়তাবাদ কলৈ যায় যাওক, ক'বলগীয়া নাই ৷ কিন্তু তেওঁলোকৰ গাদীকেইখন থাকিব লাগিব ৷ সেয়ে বঙাইগাঁওবাসী ৰাইজে এই কথাখিনি বুজি পপাইছে ৷ সেইদৰে সভাত অগপৰ নেতৃত্বই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নেতৃত্বৰ দ্বাৰা হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কয় যে কোচ ৰাজবংশী জাতি জীয়াই থকালৈকে এই দাবী থাকিব ৷ এয়া কোনো ফণীভূষণ চৌধুৰীৰ বাবে হোৱা নাই ৷ চৰকাৰে লোৱা প্ৰস্তাৱক আমি কংগ্ৰেছ দলে আদৰণি জনাইছো ৷ সকলো জাতি- জনগোষ্ঠীৰ উন্নয়ন তথা সম বিকাশ হোৱাতো আমিও বিচাৰো ৷ কিন্তু অগপই নিজে কৃতিত্ব লৈছে যদিও বিজেপি তথা সৰ্বানন্দ সোণোৱালে আকৌ কৈছে তেওঁলোকেহে আনিছে ৷ গতিকে কোনে কৰিছে প্ৰথমে সেইটো ঠিক কৰক ৷ কোচ ৰাজবংশী জাতি থকালৈ এই দাবী থাকিব আৰু ফণীভূষণ চৌধুৰী বা আন কোনোবা থাকক নাথাকক,ৰাজবংশীসকলৰ যি গতি সেই গতি অব্যাহত থাকিব ৷ যদি ফণীভূষণ চৌধুৰীৰ সাহস আছে,তেতিয়াহ'লে এইখন কমতাপুৰ উন্নয়ন পৰিষদ হ'ব নে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ হ'ব,সেয়া স্পষ্ট কৰক ৷ চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে বিতংভাৱে কোনো কথা ঘোষণাই কৰা নাই ৷ কাৰণ উন্নয়ণ পৰিষদ হ'লে বিশেষ একো ক'ৰিবলগীয়া নাই ৷ কিন্তু স্বায়ত্ব শাসিত পৰিষদ হ'লে সংসদত গৃহীত হ'ব লাগিব ৷ তাৰ বাবে প্ৰস্তাৱ পঠিয়াইছে নেকি?  স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিবলগীয়া হ'লে প্ৰথমে জনজাতিকৰণ কৰিব লাগিব ৷ জনজাতিকৰণৰ বিষয়ত একো কৰাই নাই ৷ সকলো ভেকো-ভাওনা কৰি আছে ৷ মডেলিটীৰ বিষয়টোও কি হ'ল কোনেও গমেই নাপালে ৷ আমাৰ দাবী কোচ ৰাজবংশীসকলক প্ৰথমে জনজাতিকৰণ কৰক ৷ তাৰ পিছত  স্বায়ত্ব শাসিত পৰিষদ গঠন কৰক ৷ জনজাতিকৰণ নোহোৱাকৈ স্বায়ত্ত শাসিত পৰিষদ দিয়া কথাতো নাজানো ৷ আজি অগপই কৃতিত্ব দাবী কৰে যদিও অগপৰ চৰকাৰ থকাৰ সময়ত অগপই জনজাতিকৰণৰ বিৰোধিতা কৰিছিল ৷ তেতিয়া মই আছুৰ সভাপতি আছিলো ৷ পিছত আমি গৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বুলি দাবী জনাইছিলো ৷ এবাৰ যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ দিছিলেই,সেয়া কংগ্ৰেছ দলে জনজাতিকৰণ দিছিল ৷ কিন্তু নেতৃত্বৰ যোগাযোগৰ অভাৱত বিষয়টো বন্ধ হৈ থাকিল। তেতিয়াৰ কোচ ৰাজবংশী নেতাৰ দূৰদৰ্শিতাৰ অভাৱত বিষয়টো পিছ পৰি থাকিল ৷ কিন্তু অগপ চৰকাৰ অহাত তেওঁলোকৰ দুমুখীয়া স্থিতি আছিল ৷ এটা দল পঠিয়াই জনজাতিকৰণ কৰিব লাগে আৰু আন এটা দলক পঠিয়াইছিল জনজাতিকৰণ দিব নালাগে বুলিহে ৷ আমাৰ হাতত ৰেকৰ্ড আছে বুলিও কয় ৷ অগপৰ নেতৃত্বই ৰাইজক তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনোৱা বিষয়টো সন্দৰ্ভত কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কৈছিল যে যিজন ব্যক্তিৰ হাতত কাগজ থাকে তেওঁ ভাৰতলৈ আহিব পাৰিব ৷ যদি কাগজো নাথাকে আৰু আহিব খোজে তথা এফিডেফিট দিয়ে যে তেওঁ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে আহিছে সেয়াই হ'ব ৷ গতিকে কি বিশ্বাস ৰাখিব ৷ সেইদৰে দেওবাৰৰ অগপৰ সভালৈ অহা কিছুমান লোকে আহি ভুল কৰা বুলি প্ৰকাশ কৰা বুলিও কোৱা বুলি কয় তেওঁ ৷ কোনোবাক আকৌ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ পোৱাৰ বাবে বিজয় উৎসৱ আছে বুলি কৈ অনা বুলিও অভিযোগ কৰে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে দেওবাৰে বঙাইগাঁৱত অনুষ্ঠিত কৰা সভাখন জাতি ৰক্ষাৰ স্বাৰ্থত নহয় বৰং অগপ দল ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত কৰিছিল যদিও ফ্লপ শ্ব'ত পৰিণত হোৱা বুলি কয় ৷ সংবাদমেলত জিলা সভাপতিগৰাকীয়ে ৭ আৰু ৮ জানুৱাৰীত বঙাইগাঁও জিলাত কংগ্ৰেছ দলৰ 'কা' বিৰোধী দুদিনীয়া জাতীয় অস্তিত্ব ৰক্ষাৰ জনজাগৰণ পদযাত্ৰা কাৰ্যসূচী আছে বুলি কয় ৷ এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰছৰ ৰাজ্যিক সভাপতিকে ধৰি কেবাগৰাকীও নেতাই অংশ ল'ব বুলি কয় ৷

Your Comments