ঘগ্ৰাপাৰত তৃতীয় 'খেলো ইণ্ডিয়া-যুৱ ক্ৰীড়া ২০২০' সন্দৰ্ভত সজাগতা সভা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত  সোমবাৰে পুৱা তৃতীয় 'খেলো ইণ্ডিয়া-যুৱ-ক্ৰীড়া-২০২০' সন্দৰ্ভত সজাগতা সভাখনৰ  শুভাৰম্ভ কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। উপায়ুক্তগৰাকীয়ে এই সজাগতা সভাখন মুকলি কৰি ভাষণত কয় যে ছাত্ৰ - ছাত্ৰীসকলে খেলৰ জৰিয়তে শিক্ষা ল'ব লাগে।বিদ্যালয়ত পঢ়া -শুনা কৰাৰ উপৰিও বেছি সময় খেলৰ কাৰণে থাকিব লাগে,তেতিয়াহে এজন ছাত্ৰ শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ এজন সুনাগৰিক হ'ব পাৰিব বুলি ছাত্ৰ -ছাত্ৰী তথা শিক্ষক ,অভিভাৱকক উদ্দেশ্য কৰি মন্তব্য কৰে।উপায়ুক্তগৰাকীয়ে কয় যে অসমৰ ভিতৰত নলবাৰীৰ পৰাই এই তৃতীয় 'খেলো ইন্ডিয়া শিখা সমদল'ৰ শুভাৰম্ভ কৰা হৈছে।উক্ত সজাগতা সভাত নলবাৰী জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশী,  নলবাৰীৰ মহকুমা ক্ৰীড়া বিষয়া বিষ্ণু কলিতা,ঘগ্ৰাপাৰ হাইস্কুল প্ৰধান শিক্ষক বিভুসেন ডেকা,ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,সাংবাদিক বীৰেন কলিতা,তপন দাস,দ্বিজেন ডেকা,ঘগ্ৰাপাৰ হাইস্কুলৰ শিক্ষক -শিক্ষয়িত্ৰীকে ধৰি শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Your Comments