নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও নগৰ আৰক্ষীয়ে অভিযান চলাই দেওবাৰে নিশা তিনিটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও সদৰ থানাৰ অন্তৰ্গত উত্তৰ মাৰামাৰিৰ ছাইফুল ইছলামৰ ঘৰত অভিযান চলাই প্ৰায় ৩৪ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে ছাইফুল ইছলামৰ ঘৰৰ পৰা ২৩ টা ম'বাইল, বাজাজ পালছাৰ ২২০, এখন এক্টিভা, নগদ ৬২০০টকা আৰু ১৩ টা লাইটাৰ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই সন্দৰ্ভত উত্তৰ নাৰামাৰিৰ ছাইফুল ইছলামৰ পত্নী জিদা খাতুন (২৬),বেঙেনাআটিৰ নজৰুল ইছলাম (২৮) আৰু মীৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে মূল অভিযুক্ত ছাইফুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁও সদৰ থানাত নগাঁও সদৰ থানত ২২(বি)/২৫ এন ডি পি এছ এক্টৰ অধীনত ৩৭/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি সোমবাৰে তিনিওকে নগাঁও আদালতত হাজিৰ কৰায় আৰু আদালতে তিনিওকে কাৰাগাৰলৈ নিক্ষেপ কৰে।
- Log in to post comments
- 12 views