বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূ্ণ্যধাম শ্ৰীশ্ৰী মধুপুৰ সত্ৰত সত্ৰীয়া পৰম্পৰা ,নৃত্য ,ভাওনা আৰু অসমৰ বাৰেৰহণীয়া লোক - সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা 'মধুপুৰ মহোৎসৱ-২০১৯' চলিত মাহৰ ৮ আৰু ৯ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত,ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মধুপুৰ সত্ৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এই মহোৎসৱ যোৱা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ মধুপুৰ মহোৎসৱ স্থগিত ৰখা হৈছিল ৷ মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসৰ পৰা জানিব পৰা মতে মধুপুৰ মহোৎসৱ কোঁচবিহাৰ উৎসৱ প্ৰেক্ষাগৃহ আৰু ঐতিহাসিক মধুপুৰ সত্ৰ চৌহদত অনুষ্ঠিত হ'ব ৷ মহোৎসৱত বৰপেটা সত্ৰ আৰু বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে উজনি নামনিৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত আইসকলে অংশগ্ৰহণ কৰিব ৷ মহোৎসৱৰ কাৰ্যসূচী সমূহ হ'ল - ৮ জানুৱাৰীৰ পুৱা ১০ বজাত পুৰণি গোৱালপাৰা আৰু উত্তৰ বংগৰ সত্ৰ অনুষ্ঠানসমূহৰ উপস্থিতিত সতীৰ্থ সমাৰোহ ।দিনৰ ১১ বজাত উত্তৰ বংগৰ বিশিষ্ট বুদ্ধিজীৱী ,শিল্পী আৰু সত্ৰীয়াসকলৰ উপস্থিতিত 'উত্তৰ বংগ আৰু সত্ৰীয়া সংস্কৃতিৰ ৰূপৰেখা' শীৰ্ষক আলোচনাচক্ৰ ৷ ১২ বজাত থিয়নাম সমাৰোহ ৷ সন্ধিয়া ৫- ৩০ বজাত সত্ৰীয়া সাংস্কৃতিক সমাৰোহ , সম্বৰ্ধনা আৰু ভাওনা প্ৰদৰ্শন ৷ ৯ জানুৱাৰীৰ পুৱা ৮- ৩০ বজাত নাম- প্ৰসংগ ৷ ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা ৷ ১২ বজাত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাসৰ নেতৃত্বত পালনাম সমাৰোহ ৷ দিনৰ ১২ বজাত থিয়নাম সমাৰোহ।আবেলি ৪ বজাত মুকলি সভা আৰু স্মৰণিকা উন্মোচন অনুষ্ঠান ৷ সন্ধিয়া সাংস্কৃতিক সমাৰোহ আৰু ভাওনা প্ৰদৰ্শন ৷ প্ৰথম দিনৰ কাৰ্যসূচীসমূহ কোচবিহাৰ উৎসৱ প্ৰেক্ষাগৃহত আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী মধুপুৰ সত্ৰ প্ৰাংগনত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। মহোৎসৱত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।
- Log in to post comments
- 65 views