তিলানা যুৱক সংঘৰ উদ্যোগত শিল্পী দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন

Pic

হেমন্ত কলিতা,নলবাৰী:

নলবাৰী জিলাৰ দক্ষিণ দিশৰ পূব-বাঁহজানীৰ অন্তৰ্গত তিলানা যুৱক সংঘৰ উদ্যোগত এইবেলি তিলানা হৰি মন্দিৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ ইতিমধ্যে ৰূপালী জয়ন্তী সুচাৰুৰূপে উদযাপন কৰিবলৈ বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীক সভাপতি, শিক্ষক জিতেন্দ্ৰ নাথ কলিতাক কাৰ্যকৰী সভাপতি, দুৰ্গা কলিতাক মুখ্য সম্পাদক ,ভৱেশ কলিতা আৰু প্ৰকাশ কলিতাক যুটীয়া সম্পাদক হিচাপে লৈ আৰু দহখনকৈ উপ- সমিতিসহ বৃহৎ আকাৰৰ উদযাপন সমিতি গঠন কৰা হৈছে ৷

Pic

কাৰ্যসূচী অনুসৰি ১৭ জানুৱাৰীত পুৱা পতাকা উত্তোলন, প্ৰতিচ্ছবিত মাল্যাৰ্পণ, শ্বহীদ তৰ্পণ,গছপুলি ৰোপন, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব।তাৰ পিছতে জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ আবেলি সাজপাৰ প্ৰতিযোগিতা,বন্তি প্ৰজ্বলন, সন্ধিয়া শিল্পী সম্বৰ্দ্ধনা আৰু পুৰণি বিষয়ববীয়াসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ নিশা অভিনেতা কমলেশ্বৰ ভৰালীৰ দ্বাৰা পৰিচালিত পূৰ্ণাঙ্গ  নাট প্ৰদৰ্শন কৰা হ'ব ৷ ১৮ জানুৱাৰীত পুৱা ভেশচন প্ৰতিযোগিতা,খেল-ধেমালি প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতা, বিয়াগীত প্ৰতিযোগিতা, আবেলি মৌ- মেল, বন্তি প্ৰজ্বলন, সন্ধিয়া শৈক্ষিক সম্বৰ্দ্ধনা।তাৰ পিছতে স্থানীয় বিধায়ক অশোক শৰ্মাই পৰামৰ্শ কেন্দ্ৰৰ উদ্বোধন কৰিব আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ ১৯ জানুৱাৰীত পুৱা ৯ বজাত 'নিউজ লাইভ'ৰ দ্বাৰা 'দেওবৰীয়া আড্ডা' অনুষ্ঠানৰ পিছত দিনৰ ভাগত স্বচ্ছতা অভিযান,আবেলি বঁটা বিতৰণী অনুষ্ঠান।ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰিব স্থানীয় সাংসদ দীলিপ শইকীয়াই ৷সন্ধিয়া জীৱেশ্বৰ ডেকাৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ড° ধনেশ্বৰ বৰুৱা৷ সন্ধিয়া উদযাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী গণেশ তামুলীয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব।তাৰ পিছত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু মৃদুস্মিতা কোচৰ লগতে স্থানীয় শিল্পীসকলে ৷ তিলানা যুৱক সংঘৰ সভাপতি ধৰণীধৰ তামুলী আৰু সাধাৰণ সম্পাদক অৱনী কলিতাই শিল্পী দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সমূহ কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে।

Your Comments