'কা' বাতিলৰ দাবীত শিৱসাগৰবাসীয়ে ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল গঢ়ি সাব্যস্ত কৰে প্ৰতিবাদ 

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

'নাগৰিকত্ব (সংশোধনী) আইন- ২০১৯' বিৰোধিতাৰে আৰু এই ক'লা আইন বাতিল কৰাৰ দাবীত শিৱসাগৰত অব্যাহত আছে প্ৰতিবাদ। 'কা' বিৰোধী আন্দোলনৰ নৰূপ শনিবাৰে দেখিবলৈ পোৱা গ'ল ঐতিহাসিক শিৱসাগৰ চহৰত। শিৱসাগৰ চহৰৰ ঐতিহাসিক বৰপুখুৰীপাৰত ৰংপুৰীয়া ৰাইজে এইবাৰ 'কা'ৰ বিৰুদ্ধে বৃহৎ মানৱ শৃংখলেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ।

Pic আহোম শাসনকালৰ অষ্টাদশ শতিকাৰ অক্ষয় কীৰ্তি আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী মহাৰাণী অম্বিকাই ১৭৩৪ত খন্দোৱা ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ চাৰিওফালে এটা বৃহৎ মানৱ-শৃংখলেৰে জাতিধ্বংসী আইন 'কা' বাতিল কৰাৰ দাবীত সবল প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰবাসী ৰাইজে।

Pic

ইয়াৰ পূৰ্বে টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । উক্ত সভাত শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জয়শ্ৰী চলিহা, কণ্ঠশিল্পী মানস ৰবিন, মনোজ বড়া, অধ্যাপক ৰঞ্জিত তামুলীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত 'কা' বিৰোধিতাৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰতিবাদ কৰাৰ লগতে মনোজ বৰাই গীত পৰিৱেশন কৰাৰ লগতে মানস ৰবিনে জাতীয় সংগীত 'অ মোৰ আপোনাৰ দেশ' পৰিৱেশন কৰে। প্ৰতিবাদথলীত সংগ্ৰামী যুৱক জিন্তু মেছে কয়-'চৰকাৰে কৈছে আন্দোলনত চৰকাৰী সম্পত্তি নষ্ট কৰা আন্দোলনকাৰীৰ পৰা মূল্য আদায় কৰিব, আজি শিৱসাগৰৰ এই মঞ্চৰ পৰা আমিও কৈছোঁঁ আন্দোলনত তোমালেকে পাঁচজন যুৱকক হত্যা কৰি তেওঁলোকৰ মাকৰ বুকু উদং কৰিলা,সেইসকল মাতৃক প্ৰথমে মূল্য দি লোৱা আৰু  তাৰ পাছত আমি সম্পত্তিৰ মূল্য দিম।'

Your Comments