গোলাঘাটত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত সৰৱ 'আছু',প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী বিস্মিতা গগৈ

Pic

গোলাঘাটৰ প্ৰতিবেদক:

চাবুৱাত অনুষ্ঠিত হোৱা বিজেপিৰ এখন সভাত 'কা'ৰ সপক্ষে মন্তব্য কৰিবলৈ গৈ প্ৰৰোচনামূলক ভাষণ দি ইতিমধ্যে জনৰোষত পৰিছে গোলাঘাট খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। 'কা' বিৰোধী পক্ষই এজনক মাৰিব তোমালোকে দহজনক মাৰিবা ,এটা ঘৰ জ্বলালে আমি দহটা ঘৰ জ্বলাম আদি অতি উত্তেজিত আৰু প্ৰৰোচনামূলক ভাষণ দিয়াত বিধায়কজনৰ ওপৰত খৰ্গহস্ত  হৈ পৰিছে 'আছু'ৰ লগতে কংগ্ৰেছ কৰ্মীসকল।শুকুৰবাৰে   গোলাঘাট জিলা ছাত্ৰ সন্থাই এখন সংবাদমেলৰ যোগেদি বিধায়কজনৰ এনে মন্তব্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিধায়কজনক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী তোলে।সংগঠনটোৰ বক্তব্য এয়ে যে যিটো সময়ত 'কা'ৰ বিৰুদ্ধে  প্ৰতিবাদ কৰি জনগণক জাগ্ৰত কৰাৰ প্ৰচেষ্টাৰে জনমানসত নেতৃত্ব বহন কৰা কৃষক নেতা অখিল গগৈ, প্ৰাক্তন আলফা নেতা জিতেন দত্ত, লাচিত সেনাৰ সভাপতি শৃংখল চলিহাকে ধৰি ৫ জনকৈ জননেতাক চৰকাৰে কৌশলেৰে কাৰাগাৰত নিক্ষেপ কৰি প্ৰতিবাদী কণ্ঠৰোধ কৰাৰ চেষ্টা কৰিছে। তেনেসময়ত বিধায়ক মৃণাল শইকীয়াই জনসাধাৰণক প্ৰৰোচিত কৰা এনে ভাষণৰ বিৰুদ্ধে চৰকাৰে কিয় কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ,সেই লৈ প্ৰশ্ন তোলে। লগতে 'কা'ৰ বিৰুদ্ধে অবিৰত আন্দোলন চলাই যোৱাৰ কথাও ব্যক্ত কৰে। একেদৰে  শনিবাৰে  গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী তথা খুমাটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়েও হাবিয়াল গাঁঁৱত কংগ্ৰেছ কৰ্মীক লক্ষ্যৰে গুলীচালনা ঘটনাৰ অভিযোগ আনি ন্যায়িক তদন্তৰ দাবী তুলি চৰকাৰৰ এনে হঠকাৰী মনোভাৱৰ তীব্ৰ সমালোচনা কৰে। বিগত কিছুদিন ধৰি খুমটাই সমষ্টিৰ বহুকেইখন ঠাইত বহু যুৱকৰ বাহন অনিষ্ট কৰা তথা শূন্যলৈ গুলীচালনা কৰা আদি যি ঘটনা ঘটি আছে,তাৰ আঁঁৰতো বিধায়কজনৰ হাত থকাৰ সন্দেহ কৰি অভিযোগ অনাৰ লগতে বিধায়কজনে চাবুৱাৰ এখন বিজেপিৰ সভাত কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে গ্ৰেপ্তাৰৰ দাবী তোলে।

Your Comments