'কা' বাতিলৰ দাবীত কটনিয়ানৰ 'Saturday Against CAA' কাৰ্যসূচী অব্যাহত

Pic

বিজেপি চৰকাৰৰ জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত কটনিয়ানৰ প্ৰতিবাদ অব্যাহত আছে।ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত শনিবাৰে ছাত্ৰ সমাজে ৰূপায়ণ কৰে পূৰ্বতে ঘোষণা কৰা অনুসৰি 'Saturday Against CAA' শীর্ষক সাপ্তাহিক প্ৰতিবাদী কাৰ্যসূচী।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ সমাজৰ স্পষ্ট কথা-'যেতিয়ালৈকে চৰকাৰে 'কা' বাতিল নকৰে,তেতিয়ালৈকে কটনিয়ানে সংগ্রাম অব্যাহত ৰাখিব।উল্লেখ্য যে স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ শনিবাৰৰ দিনটোতো ষাণ্মাসিক পৰীক্ষা আছিল।পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈ জাতি ৰক্ষাৰ বাবে আবেলি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কয়- "ছাত্ৰ সমাজে পঢ়িব আৰু 'কা'ৰ বিৰুদ্ধে সংগ্রাম কৰিব।সপ্তাহৰ বাকী দিনবোৰ পঢ়া-শুনাৰ লগত ছাত্ৰ সমাজ জড়িত হ'ব আৰু প্ৰত্যেক শনিবাৰে প্ৰতিবাদ কৰিব।" ইফালে প্ৰতিবাদৰ অংশ হিচাপে চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰাৰ লগতে সৰ্বানন্দ-হিমন্তৰ ব্যৰ্থতা প্ৰকাশ কৰি গীত-কবিতাৰ সুৰত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শনিবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাও উপস্থিত থাকে।

Your Comments