শনিবাৰে দিল্লী দূৰদৰ্শনত সম্প্ৰচাৰিত হ'ব সংস্কৃত ভাষাত 'একবাৰ হৰি বলো মন':'হস্তীৰ কন্যা' প্ৰতিমা পাণ্ডে বৰুৱালৈ শিল্পী ৰঞ্জন বেজবৰুৱাৰ অনুপম শ্ৰদ্ধাঞ্জলি

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

যি সময়ত ৰাজনৈতিক পাকচক্ৰত ভাৰতৰ ভিন্ন প্ৰান্তৰৰ জনগোষ্ঠীগত পৰিচয় আৰু ভাৰতীয় মহাসত্ত্বাৰ অস্তিত্ব সম্পৰ্কে মানুহ ক্ৰমাৎ সন্দিহান হৈ পৰিছে, সেই সময়তে সংস্কৃতিৰ অমোঘ মন্ত্ৰ লৈ সেই সংশয় নিৰসনত ব্ৰতী হৈছে শিল্পী ৰঞ্জন বেজবৰুৱাৰ দৰে মুষ্টিমেয় সংস্কৃতিপ্ৰাণ লোক, যি মাটিৰ কৃষ্টিক নতুন ৰূপত তুলি ধৰি এটা সত্য প্ৰতিষ্ঠা কৰিবলৈ খুজিছে। ইটোৰ পাছত সিটোকৈ অসমৰ যাউতিযুগীয়া লোকগীত সংস্কৃতৰ দৰে ভাৰতৰ উমৈহতীয়া ভাষিক-পৰম্পৰালৈ তৰ্জমা কৰি গাই 'বৈচিত্ৰ্যৰ মাজত ঐক্য'ৰ অন্য এটা নজিৰ দাঙি ধৰিছে সংস্কৃত গীতৰ অসমীয়া শিল্পীজনে। এই চিন্তাৰেই তেওঁ অসমৰ পশ্চিমাঞ্চলৰ লোক-ঐতিহ্যক প্ৰতিফলিত কৰা আৰু গোৱালপৰীয়া বা দেশী গীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেই জনপ্ৰিয় কৰা বৈৰাগ্যভাৱৰ গীত 'একবাৰ হৰি বলো মন' সংস্কৃত ভাষাত বাণীবদ্ধ কৰি ৰঞ্জন বেজবৰুৱাই প্ৰেৰণ কৰিছে দিল্লী দূৰদৰ্শন কেন্দ্ৰলৈ। সম্পূৰ্ণ ভাৰতীয় দাৰ্শনিক ভাবৰ গীতটিৰ লগতে অৱশ্যে তেওঁ 'কমলা সুন্দৰী নাচে', মৰি হে, মৰি হে, মৰি হে শ্যাম', 'দিনে দিনে খঁচিয়া পৰিবে' ' হে মাই যশোৱা', 'কানাই পাৰ কৰা হে' আদি ভালেখিনি গোৱালপৰীয়াপৰীয়া আৰু কামৰূপী লোকগীত সংস্কৃতলৈ ভাঙনি কৰিছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক নাৰায়ণ দত্ত মিশ্ৰৰ অনুবাদ-সম্পাদনা তথা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ সংগীতেৰে সমৃদ্ধ 'চিত্তে হৰি ওম্ ৱদ ৰসনে, মানৱদেহে গৌৰৱং কুৰু মা' শীৰ্ষক সংস্কৃত- অনূদিত গীতটি শনিবাৰে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত হ'ব। ডিডি নিউজে ৪ নৱেম্বৰৰ সন্ধ্যা ৭ বজাত সংস্কৃত অনুষ্ঠান 'বাৰ্তাৱলী'ত গীতটি নৱবৰ্ষৰ বিশেষ নিবেদনৰূপে প্ৰচাৰ কৰিব বুলি নিশ্চিতৰূপে জানিব পৰা গৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰঞ্জন বেজবৰুৱাই ভাৰতীয় সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাকো সংগীতৰ মাধ্যমেৰে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা কৰি আহিছে, যাৰ দ্বাৰা দেশীয় ভাষা-কৃষ্টি উভয়েই সমৃদ্ধ হৈছে। শেহতীয়াকৈ অনূদিত আৰু মৌলিক সংস্কৃত গীতেৰে উন্মোচন কৰিছে 'আনন্দিনী' শীৰ্ষক এটি শ্ৰৱ্য চিডিও। ২০১৬ চনৰ পৰা ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় চেনেল 'ডিডি নিউজ', জি-নিউজ, আকাশবাণী আদি যোগে প্ৰচাৰিত শিল্পী বেজবৰুৱাৰ লগতে প্ৰণতি বৰুৱা, কৃষ্ণা দাস, ঋতুৰাণী মৌচুমী প্ৰমুখ্যে সংগীবৃন্দৰ কণ্ঠত দেশপ্ৰেমমূলক গীত- 'চাৰে জাঁহা চে অচ্ছা', ৰবীন্দ্ৰনাথৰ 'একলা চলো ৰে', গান্ধীজীৰ প্ৰিয় ভজন 'বৈষ্ণৱ জন তো', মহম্মদ ৰফিৰ কণ্ঠৰ 'জাহাঁ ডাল ডাল পৰ', এ আৰ ৰহমানৰ 'ভাৰত হমকো, 'মা তুঝে চালাম', ডঃ ভূপেন হাজৰিকাৰ 'গংগা', 'সাগৰ সংগমত' আদিৰ সংস্কৃত ৰূপান্তৰ দেশৰ অন্যতম জনপ্ৰিয় সংস্কৃত গীতৰূপে পৰিগণিত। সম্প্ৰতি প্ৰস্তুত কৰা সংস্কৃত- 'চিত্তে হৰি ওম' গীতটিয়েও বিশেষ আলোড়ন সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ।

Your Comments