নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:
পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান ৰূপজ্যোতি শইকীয়া । চুতুকণ ক্যাৰাটে ডু স্পৰ্টছ এছ'চিয়েচনৰ দ্বাৰা অলপতে ৰাজস্থানৰ উদয়পুৰত আয়োজিত দ্বিতীয়সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্যাৰাটে চেম্পিয়নশ্বিপৰ ২০১৯ বৰ্ষৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি নগাঁৱৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ বঢ়মপুৰৰ ৰূপজ্যোতি শইকীয়াই । স্বৰ্ণকণ্যা হিমা দাসৰ সফলতাত উৎসাহিত হৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি প্ৰায় ৭খন দেশৰ খেলুৱৈৰ মাজত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল ৰূপজ্যোতি শইকীয়াই।উল্লেখযোগ্য যে বঢ়মপুৰৰ শান্তিবন গাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত সৈনিক ইন্দ্ৰমোহন শইকীয়া আৰু দীপালী শইকীয়াৰ পুত্ৰ ৰূপজ্যোতিয়ে ক্যাৰাটেৰ ওপৰত বঢ়মপুৰ আউনীআটীস্থিত 'লাইঞ্চ মাৰ্চিয়েল আৰ্টছ'ত মাত্ৰ এবছৰীয়া প্ৰশিক্ষণ লৈছিল । প্ৰশিক্ষক ৰিংকুমণি হাজৰিকা আৰু নীলাদ্ৰী দাসৰ বিশেষ তৎপৰতাত যোৱা ২৬ আৰু ২৭ ডিচেম্বৰত ৰাজস্হানৰ উদয়পুৰত আয়োজন কৰা ২য় সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা খেলত অসমৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল ৰূপজ্যোতি শইকীয়াই । স্বৰ্ণপদক বিজয়ী ৰূপজ্যোতি বৰ্তমান নগাঁও জিলাৰ পুৰণিগুদামৰ ড. বিৰিঞ্চিকুমাৰ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্র । ৰূপজ্যোতিৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে বঢ়মপুৰবাসীৰ লগতে সমগ্ৰ নগাঁওবাসী ৰাইজ।
- Log in to post comments
- 11 views