কাজিৰঙালৈ আশাৰ বাতৰি!২০১৯বৰ্ষত নগাঁও জিলাৰ বাগৰি,বুঢ়াপাহাৰ বনাঞ্চলত হত্যা নহ'ল এটাও গঁড়

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ অংশত পৰা বাগৰি আৰু বুঢ়া পাহাৰ বনাঞ্চল এলেকাত ২০১৯ বৰ্ষত এটাও গঁড় হত্যা হোৱা নাই ।নগাঁও জিলা আৰক্ষীৰ চোকা নীৰিক্ষণৰ বাবেই ২০১৯ বৰ্ষত চোৰাং চিকাৰীয়ে বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত গঁড় হত্যাৰ প্ৰচেষ্টা চলায়ো সফল হ'ব পৰা নাছিল। জিলাখনৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত এই বানাঞ্চল দুখনত কেইবাবাৰো চোৰাং চিকাৰীৰ দল প্ৰৱেশ কৰি গঁড় হত্যাৰ প্ৰচেষ্টা কৰিও বিফল হৈছিল। নগাঁও জিলাৰ আৰক্ষী সূত্ৰই শুকুৰবাৰে প্ৰকাশ কৰা তথ্য মতে, নগাঁও আৰক্ষীয়ে ২০১৯ বৰ্ষত ২১ জন চোৰাং চিকাৰীক জখলাবন্ধা আৰক্ষী থানাৰ অধীনত গ্ৰেপ্তাৰ কৰিববলৈ সক্ষম হৈছিল। তদুপৰি  ধৃত চোৰাং চিকাৰীৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। সূত্ৰটোৱে জনোৱা মতে ২০১১ বৰ্ষত বুঢা় পাহাৰ বনাঞ্চলত ১টা গঁড় হত্যা কৰে চোৰাং চিকাৰীয়ে, একেদৰে ২০১২ত বাগৰি বনাঞ্চলত ৬টা, বুঢ়াপাহাৰত ৩টা, ২০১৩ চনত বাগৰিত ৭টা,বুঢ়াপাহাৰত ৯টা, ২০১৪ত বাগৰিত ২টা, বুঢ়াপাহাৰত ৭টা,২০১৫ত বাগৰিত ২টা বুঢ়াপাহাৰত ৮টা,২০১৬ত বাগৰিত ৫টা বুঢ়াপাহাৰত ৬টা, ২০১৭ত বুঢ়াপাহাৰত ৪টা, ২০১৮ চনত বাগৰিত ৩টা বুঢ়াপাহাৰত ১টা গঁড় চোৰাংচিকাৰিয়ে হত্যা কৰিছিল। উল্লেখ্য যে ২০১১ চনৰ পৰা ২০১৮ বৰ্ষলৈকে ৮ বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা অংশত ৬৩ টা গড় চোৰাংচিকাৰীয়ে হত্যা কৰিছে।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা অংশত গঁড় হত্যা ৰোধ কৰা আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে বছৰদিয়েক পূৰ্বে সেই সময়ৰ জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছিল।কিন্তু,এইজন নিষ্ঠাবান আৰু সাহসী বিষয়াক চৰকাৰে কোনো স্বীকৃতি প্ৰদান নকৰিলে।  আজিও তেওঁ চৰকাৰীভাৱে উপেক্ষিত হৈ ৰ'ল।  

Your Comments