'সমলয়' ই আলোচনীৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন:নৱনীতা বৰদলৈলৈ বছৰটোৰ শ্ৰেষ্ঠা লেখিকাৰ সন্মান

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰৰ পৰা প্ৰকাশিত একমাত্ৰ ই- আলোচনী 'সমলয়'ৰ ১ জানুৱাৰীত দ্বিতীয় বৰ্ষপূৰ্তি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জড়িয়তে অনুষ্ঠিত কৰা হয়। ২০১৭ চনৰ   এই  দিনটোতে শিৱসাগৰৰ গেলেকীৰ কমলাবাৰীত 'সমলয়' ই-আলোচনী আৰম্ভ হৈছিল। প্ৰতিমাহৰ প্ৰথম সপ্তাহতে এই ই-আলোচনী প্ৰকাশিত হৈ আহিছে। 

'সমলয়' ই-আলোচনীৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান বৃৃহস্পতিবাৰে নাজিৰাৰ ন-মাটিৰ গৰখীয়া দ'লৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়। অনুৰাগ শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপা, ড: ৰজনীকান্ত গগৈ, জ্যেষ্ঠ সাংবাদিক বীৰেণ শৰ্মা, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈ, 'সমলয়'ৰ সভাপতি শ্বাহ আলম,সম্পাদক অৰুণ কোঁৱৰকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 
অনুষ্ঠানৰ আৰম্ভণিতে 'কা' বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।আনহাতে, সমলয় ই আলোচনীয়ে এইবছৰৰ শ্ৰেষ্ঠা লেখিকাৰ সন্মান শিক্ষয়িত্ৰী তথা লেখিকা নৱনীতা বৰদলৈক প্ৰদান কৰে।
নতুন প্ৰজ্বন্মৰ লেখক লেখিকা তথা কবি সকলক উৎসাহ যোগাই আহিছে 'সমলয় ই-আলোচনীয়ে। 'সমলয় ই-আলোচনী এখন ৱেব আলোচনী। নতুন প্ৰজন্মৰ লেখক -লেখিকাক তেওঁলোকৰ লেখনি প্ৰকাশৰ এখন মঞ্চ তৈয়াৰ কৰা,  ভাষা-সংস্কৃতি, কলা সংস্কৃতি আৰু শিক্ষাৰ চৰ্চা তথা উত্তৰণৰ প্ৰয়াস কৰা, ছ'চিয়েল মেডিয়াত সাহিত্য চৰ্চা কৰিব পৰা পৰিৱেশ গঢ়ি তোলা, অসমৰ সকলো জাতি -জনগোষ্ঠী আৰু বিভিন্ন  ধৰ্মৰ লোকৰ  মাজত সমন্বয় গঢ়ি তোলা, দেশে-বিদেশে অসমীয়া ভাষাৰ প্ৰচাৰ কৰা তথা প্ৰৱাসী অসমীয়াসকলেও অসমৰ অসমীয়াসকলৰ লগত যোগসূত্ৰ স্থাপনত সহায় কৰাৰ উদ্দেশ্যেৰে 'সমলয়' ই-আলোচনী প্ৰকাশ কৰা হয়।  

বৰ্তমান 'সমলয়' ই-আলোচনীৰ মুখ্য সম্পাদক হিচাপে অৰুণ কোঁৱৰে কাৰ্যনিৰ্বাহ কৰি আছে। সভাপতি হিচাপে শ্বাহ আলম, প্ৰকাশক অনুৰাগ শৰ্মা, উপদেষ্টা বীৰেণ শৰ্মা আৰু ৰাজেন শৰ্মাই কাৰ্যনিৰ্বাহ কৰি আছে।

Your Comments