নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত 'আছু'সহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত 'নাগৰিকত্ব ( সংশোধনী ) আইন-২০১৯' বাতিলৰ দাবীত মঙলবাৰে অঞ্চলটোৰ বেচিভাগ গাঁঁৱৰ পৰিয়ালে নিজ নিজ পদূলিত ফেষ্টুন আঁঁৰি তীব্ৰ প্ৰতিবাদ কৰে।সদৌ অসম ছাত্র সন্থাই অসমৰ ত্ৰিশটা জনগোষ্ঠীয় সংগঠন আৰু বিভিন্ন দল , সংগঠন আৰু ৰাইজৰ সহযোগত এই আইনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে। এই সংগ্ৰামৰ অংশ হিচাপে মঙলবাৰে অঞ্চলটোৰ বেচিভাগ পৰিয়ালে নিজৰ নিজৰ পদূলিত 'কা' বিৰোধী ফেষ্টুন আঁঁৰি চৰকাৰৰ প্ৰতাৰনাৰ প্ৰতিবাদ জনায়৷
উল্লেখযোগ্য যে কামৰূপ আৰু নলবাৰী জিলা সংযোগী উক্ত অঞ্চলৰ ৰাইজে বিগত বিধানসভা,পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত হিয়া উজাৰি শাসকীয় বিজেপিৰ সপক্ষে ভোটদান কৰি বিৰোধী দলৰ স্থিতিক একপ্ৰকাৰ নস্যাৎ কৰিছিল৷স্বাধীনতাৰ সত্তৰ দশকৰ পিচত অঞ্চলটোত কিছু উন্নয়নৰ পৰশ পৰিবলৈও ধৰিছিল৷কিন্তু জাতিধ্বংসী সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী (২০১৯)আইনৰ ৰাজ্যৰ মিত্ৰজোঁঁটৰ চৰকাৰে জনোৱাত ৰাইজ মুঠেই সন্তুষ্ট নহয়৷আনকি,অসমীয়া জাতিৰ নিজস্বতা হেৰুৱাব লগা আইনখনক চৰকাৰখনে সমৰ্থন কৰাত ক্ৰোধান্বিত হৈছে সৰ্বস্তৰৰ ৰাইজ৷সেয়ে অঞ্চলটোৰ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায়ভাগ পৰিয়ালে কা আমাক নালাগে,কা আমি নামানো,আমি কা বিৰোধী,জয় আই অসম আদি শ্লোগান লিখা নাগৰিকত্ব সংশোধনী(২০১৯)আইন বিৰোধী ফেষ্টুন আঁঁৰি তীব্ৰ প্ৰতিবাদ কৰে।
- Log in to post comments
- 24 views