লোকসভা নিৰ্বাচনলৈ ৮ মাহ : জনপ্ৰিয়তা হ্ৰাস নৰেন্দ্ৰ মোডীৰ

modi_pm

২০১৯ৰ লোকসভা নিৰ্বাচনলৈ সন্মুখত বাকী আছে মাথোঁ ৮ মাহ ৷ ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰাৰ লগে লগে ৰাজনৈতিক বিশ্লেষক আৰু সমীক্ষক সকলো নিজস্ব অংক কৰাত ব্যস্ত হৈ পৰিছে ৷ ৰাষ্ট্ৰীয় কাকতসমূহে ইতিমধ্যে সমীক্ষা আৰম্ভ কৰিছে ৷ ৰাষ্ট্ৰীয় কাকতসমূহৰৰ সমীক্ষা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে মসৃণ যাত্ৰা নহ’ব পাৰে ৷ প্ৰয়োজনী মেজিক সংখ্যাৰ পৰা ২৭খন আসন বিজেপিৰ কমিব বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰীৰ বাবে গ্ৰহণ যোগ্যতা থাকিলেও বিজেপিৰ সংকট ইংগিত বহন কৰিছে সমীক্ষাসমূহে ৷

এখন ৰাষ্ট্ৰীয় কাকতৰ সমীক্ষাত লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ দিনটোক তিনিটা স্তৰত আলোচনা কৰিছে৷ বৰ্তমান দেশত আলোচিত হৈ থকা জোটঁবন্ধৰ কোনো পৰিবৰ্তন নহ’লে বিজেপিৰ বাবে কোনো সংকটৰ কাৰণ সৃষ্টি হ’ব নোৱাৰে ৷ বিজেপিয়েই ক্ষমতাত থাকিব ৷ সমীক্ষা মতে বি এছ পি, সমাজবাদী আৰু তৃণমূল কংগ্ৰেছে ঐ্ক্যবদ্ধভাৱে ১২২খন আসন লাভ কৰিব ৷ অৱশ্যে এন ডি এৰ দখলত ২৮১খন আসন থাকিব ৷ বাকীদলসমূহে ১৪০খন নিজৰ পক্ষত ৰাখিব ৷ অৱশ্যে ভোট বিভাজন হ’লে ইউ পি এৰ ৩১ খন আসন কমিব ৷

দ্বিতীয়টো সমীক্ষাৰ ধাৰণা মতে, বিৰোধীৰ মাজত মহাজোঁট বন্ধন হ’লে ইউ পি এৰ ২২০খন আসন থাকিব ৷ ৯১খন অন্যান্য দলৰ দখলত থাকিব আৰু সৰু সৰু ৰাজনৈতিক দল ‘কিং মেকাৰ’ হৈ পাৰিব ৷ তৃতীয়টো সমীক্ষা অনুসৰি দক্ষিণ ভাৰতৰ ৰাজনৈতিক দলে আগন্তুক লোকসভা নিৰ্বাচনত এক গুৰুত্ব ভূমিকা গ্ৰহণ কৰিব৷ তামিলনাডুৰ এ আই ডি এম কে আৰু অন্ধ্ৰৰ ওৱাই এছ আৰ কংগ্ৰেছে যদি বিজেপিৰ সঙ্গ ত্যাগ কৰে, এন ডি এ সংকটত পৰিব ৷ এনে ক্ষেত্ৰত বিজেপি একক বৃহৎ দল হিচাপেয়ে নতুন দিল্লীত নিজৰ আসন দখল কৰা কঠিন হৈ পৰিব ৷

আন এক সমীক্ষাৰ মতে, শেহতীয়াভাৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে ৷ প্ৰথম দুটা বছৰত থকা ৬৫ শতাংশৰ পৰা চতুৰ্থটো বছৰত ৪৯ শতাংশলৈ জনপ্ৰিয়তা হ্ৰাস পাইছে মোডীৰ ৷ অৱশ্যে প্ৰধান মন্ত্ৰীৰ ক্ষেত্ৰত মোডীৰ বিকল্পৰ অভাৱ বুলি সমীক্ষকসকলে কয় ৷ উল্লেখ্য যে শেহতীয়াভাৱে ৰাহুল গান্ধীৰ ২০১৭ চনত থকা ১০ শতাংশ জনপ্ৰিয়তা ২০১৮ত ২৭ শতাংশলৈ বৃদ্ধি পাইছে ৷ ৰাহুল গান্ধীৰ জনপ্ৰিয়তা নৰেন্দ্ৰ মোডীৰ পৰা বহু পিছত যদিও ৰাহুল গান্ধীৰ কিছু জনপ্ৰিয়তাই বিজেপিক কিছু হ’লেও চাপত পেলাব ৷ উল্লেখ্য যে ২০১৭ ত বিজেপি চৰকাৰৰ প্ৰতি থকা ৭১ শতাংশ জনপ্ৰিয়তা ২০১৮ত ৫৮ শতাংশলৈ হ্ৰাস পাইছে সমীক্ষাত৷ কৰ্ম সংস্থাপন, মূল্যবৃদ্ধি আৰু দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ বিজেপিয়ে এতিয়াও ৪৪ শতাংশ অধিক সমৰ্থন লাভ কৰি আছে বুলি এক সমীক্ষাত প্ৰকাশ ৷

Your Comments