গোলাঘাটত অবিৰত 'কা' বিৰোধী প্ৰতিবাদ 

Pic

গোলাঘাটৰ প্ৰতিবেদক:

'কা আমি নামানো'-অসমীয়া জাতিৰ অস্তিত্বৰ সংকটৰ এই জটিল সন্ধিক্ষণত এই শ্ল'গানেৰে নিতৌ গোলাঘাট চহৰত চলি আছে চৰকাৰ বিৰোধী প্ৰতিবাদ।শনিবাৰেও গোলাঘাটত অব্যাহত থাকে প্ৰতিবাদ।গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ত্ৰিমূৰ্তি ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা গণ অৱস্থান বিক্ষোভ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা অগণন লোকে অংশ লৈ পুনৰ সৰৱ হৈ পৰিল 'কা'ৰ বিৰুদ্ধে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ এনে জাতিধ্বংসকাৰী আইনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদী জনতাই।

Your Comments