কোচ ৰাজবংশীক জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্ব শাসিত পৰিষদ হ'ব-জাতীয় মহাসভা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

কোচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্ব শাসিত পৰিষদ হ'ব আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ যাব বুলি এক সংবাদমেল যোগে কয় কোচ ৰাজবংশী জাতীয় মহাসভাই ৷ বৃৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ কমতাপুৰ ভৱনত অনুষ্ঠিত সংবাদমেলত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আগন্তুক জানুৱাৰী মাহত হ'ব লগা অসম বিধানসভাৰ অধিৱেশন আৰু সংসদৰ উভয় সদনৰ অধিৱেশনতে কোচ ৰাজবংশী সকলোক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে বিটিচি আৰু ৰাভা হাচং স্বায়ত্ত্ব শাসিত পৰিষদৰ সংশোধন ঘটাই উক্ত পৰিষদৰ সীমামূৰীয়া কোচ ৰাজবংশী গাঁঁওসমূহ কৰ্তন কৰি ধুবুৰীৰ পৰা শোণিতপুৰলৈ ষষ্ঠ অনুসূচিত কমতাপুৰ টেৰিটৰিয়েল (কেটিচি) পৰিষদ গঠন কৰক বুলি কৈ তেতিয়াহে পৰিষদৰ অন্তৰ্গত কোচ ৰাজবংশী আৰু আন আন জাতি-জনজনগোষ্ঠীৰ সামগ্ৰ্ৰিক উন্নয়ন সম্ভৱ হ'ব বুলি কয় ৷ তদুুপৰি,পৰিষদখনত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, সংগ্ৰাহালয়,ভাষা, -সাহিত্য, সংস্কৃতি-চৰ্চা, গৱেষণা আৰু সম্প্ৰচাৰ কৰিবলৈ বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰ, খেলা-ধূলাৰ বাবে 'ছাই'ৰ (Sports Authority of India ) এটা শাখা, গুৱাহাটী আৰু নতুন দিল্লীত কমতাপুৰ ভৱন নিৰ্মাণ, জাতীয় শ্বহীদসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এখন শ্বহীদ উদ্যান, চিলাৰায় সেনা বাহিনী, বঙাইগাঁও জিলাত কমতাপুৰ স্বায়ত্ত্ব শাসিত  পৰিষদৰ স্থায়ী সচিবালয় অসম চৰকাৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব বুলিও কয় ৷ অন্যথা এই সমূহ গঠনৰ কথা উল্লেখ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিলে আন্তঃগাঁথনিহীন নামমাত্ৰ এখন পৰিষদ হ'ব বুলিও সংবাদ মেলত মহাসভাৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় ৷

 

Your Comments