২০১৯ বৰ্ষৰ অন্তিমটো সূৰ্য গ্ৰহণ বৃহস্পতিবাৰে ভাৰতত দৃশ্যমান হয়।পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা সূৰ্য গ্ৰহণ অসমৰ গুৱাহাটীৰ লগতে দেশৰ চেন্নাই,কোচি,আহমেদবাদ,ভুৱনেশ্বৰ আদি চহৰৰ পৰা পৰিলক্ষিত হৈছে।সূৰ্য গ্ৰহণ দুপৰীয়া ১-৩০ বজালৈকে থাকিব।উল্লেখযোগ্য যে এই সূৰ্য গ্ৰহণক বিজ্ঞানীসকলে 'ৰিং অব ফায়াৰ' আখ্যা দিছে।চলিত বছৰটোত ইয়াৰ পূৰ্বে ৬ জানুৱাৰী আৰু ২ জুলাইত আংশিক সূৰ্য গ্ৰহণ হৈছিল।
- Log in to post comments
- 12 views