হাজাৰ হাজাৰ নাগৰিকৰ 'কা' বিৰোধী শ্লোগানেৰে কঁপিল তেজপুৰৰ আকাশ-বতাহ

Pic

তেজপুৰৰ বিশেষ প্ৰতিনিধি:

মঙলবাৰে পুনৰবাৰ 'কা' বিৰোধী শ্লোগানেৰে কঁপিল ঐতিহাসিক তেজপুৰৰ আকাশ-বতাহ।উল্লেখযোগ্য যে ধাৰাবাহিকভাবে সমগ্ৰ অসমতে 'আছু'ৰ উদ্যোগত চলি থকা প্রতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু আন ৩০টা জনজাতীয় সংগঠনৰ সহযোগত মঙলবাৰে তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানত সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিশাল 'কা' বিৰোধী প্ৰতিবাদী সমাবেশ।উক্ত সমাবেশত আছুৰ নেতৃবৃন্দৰ লগতে শিল্পী সমাজক প্ৰতিনিধিত্ব কৰি জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু,বিদ্যাসাগৰ,গীতালি কাকতি,মিতালী দাসকে প্ৰমুখ্যে কৰি বিশিষ্ট শিল্পীবৃন্দ উপস্থিত আছিল।সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত শিল্পী সমাজৰ প্ৰতিনিধি দীক্ষুৱে জনতাৰ সদায় জয় বুলি কৈ 'কা' বিৰোধী প্ৰতিক্ৰিয়া ব্যক্ত কৰে। উক্ত অনুষ্ঠানতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সাংবাদিকৰে সাক্ষাৎকাৰত 'কা অসমবাসীয়ে কোনোকালেই মানি নলয় বুলি মন্তব্য কৰে।

Your Comments