মৰিগাঁৱৰ পৰা জিতুমণি নাথ :
ৰাষ্ট্ৰীয় কৃষক দিৱসৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ,মৰিগাঁৱৰ সহযোগত জিলাৰ প্ৰথমটো কাষ্টম হায়াৰিং চেন্টাৰ স্থাপন কৰা হয় মনহা গাঁও পঞ্চায়তৰ অন্তৰ্গত মনহা কছাৰী গাঁৱত। মৰিগাঁও জিলাৰ লগতে অসমৰ মুঠ ১৬ খন জিলাত ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপায়ণ প্ৰকল্প চমুকৈ এপাৰ্টৰ অধীনত পোহৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা কৃষক উৎপাদক সংস্থাক কাষ্টম হায়াৰিং চেন্টাৰৰ দায়িত্ব অৰ্পণ কৰা হয়। এই উপলক্ষে সোমবাৰে অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই। উপায়ুক্তগৰাকীয়ে ভাষনত কেন্দ্ৰটোৰ জৰিয়তে মৰিগাঁও জিলাৰ কৃষকসকল যথেষ্ট পৰিমানে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰি কৃষি সঁজুলিসমূহৰ উচিত ব্যৱহাৰৰ বাবে আহ্বান জনায়। কৃষি বিজ্ঞান কেন্দ্ৰ,মৰিগাঁৱৰ আঁচনি সহায়ক ড০ সুভাষ চন্দ্ৰ কলিতাই আঁত ধৰা আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ মৰিগাঁৱৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড০ ৰিজুস্মিতা শৰ্মা ডেকাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্রৰ গুৱাহাটী শাখাৰ আৱাসিক পৰামৰ্শদাতা ড০ কাঁৱাৰ সিঙে খেতিত বিভিন্ন ধৰণৰ আধুনিক যন্ত্ৰ ব্যৱহাৰ আৰু তাৰ উপকাৰৰ বিষয়ে বিষদভাৱে অৱগত কৰে। সভাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক বিপুল আহমেদ,আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিশেষজ্ঞ ড০ সুৰিয়াকান্ত কুণ্ডা,অৱসৰপ্ৰাপ্ত শিক্ষক দিবাকৰ বৰদলৈ,কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। উক্ত সভাতে কম খৰচত ভূঁঁই ৰোৱা যন্ত্ৰ উদ্ভাৱন কৰা মৰিগাঁও কৃষিপাম নিগমৰ ৰূপহীবড়ী গাঁৱৰ যুৱ কৃষক ৰাজেন দাসক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। জিতুমনি নাথ /মৰিগাঁও
- Log in to post comments
- 79 views