বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি-সম্পাদকক গ্ৰেপ্তাৰ:ন্যায়িক জিম্মালৈ প্ৰেৰণ

বঙাইগাঁৱৰ প্ৰতিবেদক: বঙাইগাঁৱতো সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহীধৰ ৰায় আৰু সাধাৰণ সম্পাদক নন্দ দেৱনাথক নিজ বাসগৃহৰ পৰা কৰায়ত্ত কৰি আদালতত হাজিৰ কৰোৱাত নেতাদ্বয়ক আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানত ভাৰতীয় দণ্ড বিধি আইনৰ ১৪৭/ ১৪৮/ ১৮৮/ ৪২৭/৩২৫/৩৩৬/৩৫৩ ৰ লগতে অতিৰিক্তভাৱে ১৪৩ আৰু ৩ পিডিপিপি এক্টৰ অধীনত পঞ্জীয়নভুক্ত ৯৫০/১৯ নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক নন্দন দেৱ নাথক একেখন থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি)/২৯৮/১৫৩(এ) আৰু ৫০৬ ৰ লগতে অতিৰিক্তভাৱে ৬৬ আইচিঙ এক্টৰ অধীনত পঞ্জীয়নভুক্ত ৯০৪৮২/১৯ নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতৰ এই দুই নেতাৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন ঠাইত হোৱা আন্দোলনত আগভাগ লৈ সংঘৰ্ষৰ বাবে উচটনি দিয়া, চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰি আহত কৰা, অপৰাধ কাৰ্যৰ বাবে কৰা ষড়যন্ত্ৰ, ধৰ্মীয় আবেগত আঘাত হনা আদিৰ অভিযোগ উত্থাপন কৰি আৰু আইটি আইনৰ ৬৬ ধাৰাত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে বঙাইগাঁও থানাত দুটা পৃথক গোচৰ পঞ্জীয়ন কৰি সোমবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ ইফালে,দুই সংগ্ৰামী সতীৰ্থৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি শংকৰ দত্তই সংবাদ মাধ্যমৰ আগত কয়-'বঙাইগাঁৱত জিলা কৃষক মুক্ত সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায় আৰু সাধাৰণ সম্পাদক নন্দন দেৱ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ কিন্তু কি কাৰণত গ্ৰেপ্তাৰ কৰিছে আমি ধৰিব পৰা নাই ৷ আমি বঙাইগাঁও জিলাত সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলো আৰু আন্দোলন চলাই লৈ গৈ আছিলো ৷ কিন্তু তেওঁলোকৰ ওপৰত কিছুমান ভুৱা গোচৰ জাপি দি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ সংগ্ৰামী সতীৰ্থ দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আঁৰত নিকৃষ্ট ৰাজনীতি চলি আছে বুলিও তেওঁ কয় ৷ কাৰ্যকৰী সভাপতিগৰাকীয়ে স্থানীয় অগপ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নাম নোলোৱাকৈ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়- 'কৃষক মুক্তিৰ যিখন সংগ্ৰাম বঙাইগাঁৱত চলি আছিল,সেই সংগ্ৰামৰ ফলত বঙাইগাঁও সমষ্টিত ৩৫ বছৰীয়া শাসনৰ গাদী থৰক-বৰক হৈ পৰিছিল আৰু সেই গাদী থৰক বৰক হৈ পৰাৰ ভয়ত গাদী ৰক্ষাৰ স্বাৰ্থত প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আমাৰ সংগ্ৰামী সতীৰ্থ দুজনক গ্ৰেপ্তাৰ কৰিছে ৷ এয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু আমি ধিক্কাৰ জনাইছো৷'সাংবাদিকে কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতিগৰাকীক কোনে ষড়যন্ত্ৰ কৰিছে বুলি প্ৰশ্ন কৰাত পুনৰ কয় যে বঙাইগাঁৱত ৩৫ বছৰ ধৰি কোনে শাসন কৰি আছে ? সেই শাসনকাৰীয়ে কৰিছে ৷ এই আন্দোলনৰ ফলত তেঁৱৰ গাদী থৰক-বৰক হৈ পৰিছে ৷ কাৰণ বঙাইগাঁও জিলাৰ সৰ্বস্তৰৰ ৰাইজ ওলাই আহিছিল আন্দোলনত ৷ গতিকে ভয় খাই প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে এয়া কৰিছে ৷ এই কাৰ্যক আমি গৰিহণা দিছো ৷ ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতি এক প্ৰতিবাদী সত্তা আৰু প্ৰতিজন কৰ্মীয়ে একো একোজন প্ৰতিবাদী কণ্ঠ বুলি কৈ এই প্ৰতিবাদী কণ্ঠক কোনেও ৰোধ কৰিব নোৱাৰে বুলিও কয় ৷ লগতে কয়-'আমাৰ সংগ্ৰাম চলি থাকিব ৷ আমি সদায় ৰাইজৰ লগত আছো আৰু ৰাইজৰ কামত ব্ৰতী হ'ম ৷ আমাৰ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আৰু শান্তিপূৰ্ণভাৱে সংগ্ৰাম চলি থাকিব ৷ নেতাগৰাকীয়ে আৰু কয় যে অসমত 'কা' বিৰোধী যিখন সংগ্ৰাম এই সংগ্ৰামখন অসমবাসীয়ে স্বতঃস্ফূৰ্তভাৱে কৰিছে ৷ ৰাইজৰ লগত সংগঠনসমূহেও সহযোগ কৰিছে ৷ এইখন গোটেই অসম ভিত্তিত হোৱা সংগ্ৰাম ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে চৰকাৰে প্ৰথমে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা অখিল গগৈকে ধৰি ধৈৰ্য কোঁৱৰ আদিক লক্ষ্য কৰি লৈছে ৷ দ্বিতীয়তে,আমি দেখি আহিছো যে লাহে লাগে জিলা পৰ্যায়তো সংগঠনটোৰ বিষয়ববীয়াসকলক লক্ষ্য কৰি লোৱা হৈছে ৷ ইয়াত এটা গভীৰ ৰাজনৈতিক চক্ৰান্ত নিহিত হৈ আছে।'

Your Comments