বঙাইগাঁৱত আছুৰ আহ্বানত 'কা' বাতিলৰ দাবীত জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সোমবাৰে বঙাইগাঁৱতো 'নাগৰিকত্ব সংশোধনী আইন-২০১৯(কা)    বাতিলৰ দাবীত জ্যেষ্ঠ নাগৰিকসকলৰ লগতে বিভিন্নজনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ভৱন প্ৰাংগণত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ দুঘণ্টীয়াকৈ ৰূপায়ণ কৰা জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থা,বঙাইগাঁও জিলা নেপালী সাহিত্য সভা , বঙাইগাঁও মাৰোৱাৰী সমাজ, বঙাইগাঁও শিখ সমাজ,অসম গোৰ্খা সন্মিলনৰ বঙাইগাঁও জিলা সমিতি, বঙাইগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থা, বঙাইগাঁও জিলা পেঞ্চনাৰ সন্থা,টুনীয়া সাহিত্য সাংস্কৃতিক মঞ্চ আদিয়ে অংশগ্ৰহণ কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে 'কা' আমাক নালাগে , 'কা' বাতিল কৰক, নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা ফনীভূষণ চৌধুৰী বিশ্বাসঘাটক , বিজেপি চৰকাৰ হায় হায় আদি  বিভিন্ন শ্লোগানো দিয়ে।ইফালে, অৱস্থান ধৰ্মঘটস্থলীত বিভিন্নজনে বক্তব্যও প্ৰদান কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পুলেন ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনোদ নাথ , সমাজকৰ্মী তথা সংগ্ৰামী নেতা প্ৰভাত বৈষ্ণৱ , অসম নেপালী সাহিত্য সভাৰ উপ-সভাপতি ভৱানী প্ৰসাদ শৰ্মা, জিলা সমিতিৰ সম্পাদক ৰাম কুমাৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা, জ্যেষ্ঠ নাগৰিক সন্থাৰ হৈ উমেশ ভট্টকে ধৰি বিভন্নজনে  নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰি তথা বাতিলৰ দাবী জনাই বক্তব্য প্ৰদান কৰে।ধৰ্মঘট কাৰ্যসূচীত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায়, সাধাৰণ সম্পাদক জগদীশ  ৰায়ৰ লগতে 'আছু'ৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় তথা আছু কৰ্মীসকল উপস্থিত থাকে৷ 

 

Your Comments