মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ বাবে অসমৰ জনসাধাৰণ ৰাজপথত নামি শাসকীয় চৰকাৰক প্ৰৱল প্ৰত্যাহ্বান জনোৱাত ৰাইজৰ ক্ষোভ প্ৰশমিত কৰিবলৈ শাসকীয় চৰকাৰে গ্ৰহণ কৰা প্ৰলোভন নীতিৰ ললীপপত একাংশ জনগোষ্ঠীয় দল সংগঠন মোহিত হোৱা উপক্ৰম ঘটিছে। দেওবাৰে তাৰেই উমান পোৱা যায় মৰিগাঁৱত।শাসকীয় চৰকাৰৰ কেবিনেটে অসমৰ তিৱা,ৰাভা,মিছিং,দেউৰী,সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তক তিৱা জাতীয় ঐক্য মঞ্চকে ধৰি আন ৫ টা তিৱা জাতীয় সংগঠনে শাসকীয় চৰকাৰক আদৰণি জনাবলৈ সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত। সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধিত আইন (কা)ক লৈ অগ্নিগৰ্ভময় পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈ থকাই নহয়,জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ইতিমধ্যে ৫ জনকৈ লোকে শ্বহীদ বৰণ কৰিব লগা হৈছে। এনে সময়ত তিৱা জাতীয় সংগঠনকেইটাই শাসকীয় চৰকাৰক অভিনন্দন জ্ঞাপন কৰিবলৈ গৈ ৰাজ্যত জুই জ্বলি থকা পৰিৱেশ-পৰিস্থিতিৰ সন্দৰ্ভত এটাও শব্দ প্ৰকাশ নকৰা ঘটনাই জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰামৰ যুঁজত ব্ৰতী হৈ থকা অকল তিৱা জনগোষ্ঠীয় লোককে নহয় সৰ্বসাধাৰণ নাগৰিককো ক্ষোভিত কৰি তুলিছে। এই ক্ষেত্ৰত জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰামক মষিমূৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰলোভন নীতিৰ ললীপপে কিছু কামত দিছে বুলিও চৰ্চা চলিছে।তিৱা জাতীয় ঐক্য মঞ্চৰ হৈ মুখপাত্ৰ দুলাল চন্দ্ৰ পাতৰ,সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মসিং বৰদলৈ,সম্পাদক চেনিৰাম মালাং,তিৱা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী,সদৌ তিৱা সুৰক্ষা সমিতিৰ সভাপতি আনন্দ পাতৰ,সম্পাদক চিজয় দেউৰী,সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকাৰজা আৰু তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খে স্বাক্ষৰ কৰা বিবৃতিত তেওঁলোকে কয় -শনিবাৰে অসম চৰকাৰৰ কেবিনেটে অসমৰ তিৱা,ৰাভা,মিছিং,দেউৰী,সোণোৱাল কছাৰী আৰু ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্যদা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তক তিৱা জাতীয় ঐক্য মঞ্চৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থা,তিৱা যুৱ ছাত্ৰ পৰিষদ,সদৌ তিৱা সুৰক্ষা সমিতি,সদৌ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজে উষ্ম আদৰণি জনাইছে। তিৱা জাতীয় ঐক্য মঞ্চ আৰু সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি তিৱা জাতীয় সংগঠনসমূহে প্ৰেৰণ কৰা পৃথকে- পৃথকে দুটা বিবৃতিত জনায় যে-অসমৰ প্ৰাচীনতম ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতিসকলৰ বাবে গঠন কৰা স্বায়ত্ব শাসিত পৰিষদসমূহক সাংবিধানিক মৰ্যদা প্ৰদান কৰিলে অসমৰ খিলঞ্জীয়া জনজাতি জনগোষ্ঠীসমূহৰ ভাষা,সংস্কৃতি আৰু পৰম্পৰা সুৰক্ষিত হ'ব। ইতিমধ্যে কেবিনেটে জনজাতি স্বায়ত্ব শাসিত পৰিষদ এলেকাত মহকুমা ভূমি উপদেষ্টা কমিটীত স্বায়ত্ব শাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যক পদেন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাত তিৱা জাতীয় সংগঠনসমূহে ধন্যবাদ জ্ঞাপন কৰি কয় যে ভূমি ক্ৰয়-বিক্ৰয় বা হস্তান্তৰৰ ক্ষেত্রত কেৱল খিলঞ্জীয়াসকলৰ মাজতহে সীমাবদ্ধ থাকিব। সেয়েহে অসমৰ ৬ খন জনজাতি স্বায়ত্ব শাসিত পৰিষদক অসম চৰকাৰে সাংবিধানিক মৰ্যদা প্ৰদানৰ ক্ষেত্রত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা ল'বলৈ তিৱা জাতীয় সংগঠনসমূহে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাই। আনহাতে তিৱা জাতীয় ঐক্য মঞ্চই প্ৰেৰণ কৰা বিবৃতিৰ শেষৰ দফাত কয় -অবিভক্ত গোৱালপাৰা জিলাত ৰাজবংশীসকলৰ বাবে কমতাপুৰ,মৰাণ,মটকসকলৰ বাবেও স্বায়ত্ব পৰিষদ গঠনৰ সিদ্ধান্তক আমি আদৰণি জনোৱাৰ লগতে জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি অবৈধভাৱে বেদখল কৰি থকা অকতৃত্বশীল লোক আৰু অনুষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰক দাবী জনাইছো।
- Log in to post comments
- 22 views