নগাঁৱৰ পৰা ৱাহিদুদ জামান:
কলঙৰ বাকৰিৰ নেহৰুবালিত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত 'নগাঁও গ্ৰন্থমেলা- ২০১৯ 'ত দেওবাৰে বিয়লি 'গণতান্ত্ৰিক চেতনা গঠনত সংবাদ মাধ্যমৰ ভূমিকা'-শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । আলোচনাচক্ৰত বক্তৃতা প্ৰদান কৰি ৰাজ্যৰ জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে কয়-গণতন্ত্ৰত মতান্তৰ হ'ব পাৰে ; কিন্তু মনান্তৰ নহয়।সংবাদ মাধ্যম সমাজৰ লগত অতি নিবিড়ভাৱে জড়িত। সংবাদ মাধ্যমে এতিয়াও মৌলিক চৰিত্ৰ হেৰুওৱা নাই । তাৰ ফলত এই মাধ্যমসমূহে গণতন্ত্ৰ শক্তিশালী কৰি ৰাখিছে।সাংবাদিকে ৰাইজক সংবাদ জনোৱাৰ লগতে তাৰ একোটা বিশ্লেষণো দিব পাৰে।'তেওঁ লগতে কয়-'সাংবাদিক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ। সাংবাদিক এজনৰ জ্ঞান আৰু তথ্যৰ কোনো সীমাবদ্ধতা থাকিব নালাগে।সাম্প্ৰতিক সময়ত সংবাদৰ নিৰপেক্ষতাক লৈ বহু আলোচনা হ'লেও বাতৰি কাকতৰ সংবাদ এতিয়াও অধিকাংশ লোকে সত্য বুলিয়ে ভাবে । সাংবাদিকসকল যুগৰ অগ্ৰদূত । সাংবাদিকে অধ্যাপকতকৈয়ো বেছি অধ্যয়ন কৰিব লাগে । অসমতো এতিয়া বৃত্তি হিচাপে সাংবাদিকতা গঢ় লৈ উঠিছে। অসমৰ ইতিহাস সংগ্ৰামেৰে পৰিপূৰ্ণ আৰু সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।'আলোচনাচক্ৰত ভাষণ দি বিশিষ্ট সাংবাদিক ড° আবু হানিফাই কয়-'সঁচা খবৰ দিয়াটো আৰু বাতৰিৰ আঁৰৰ বাতৰি দিয়াটো সংবাদ মাধ্যমৰ দায়িত্ব । ৰাইজে কি ক'বলৈ বিচাৰিছে , সমাজ কোনফালে গৈছে সেই তথ্য সংবাদ মাধ্যমে দাঙি ধৰিব লাগে । সমাজক সঠিক পথৰ সন্ধান দিব লাগে।' তেওঁ আৰু কয়- 'সংশোধিত নাগৰিকত্ব আইনৰ মুকলি আলোচনা সংবাদ মাধ্যমত হোৱা উচিত। সম্প্ৰতি সামাজিক মাধ্যম শক্তিশালী হৈছে । ছ'চিয়েল মেডিয়াত নিয়ন্ত্ৰণ নথকাটো সমাজৰ বাবে সুখৰ খবৰ নহয়। আলোচনাচক্ৰখন সঞ্চালনা কৰি জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰাই কয়- 'সাংবাদিকসকল গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী। মানৱ সভ্যতাৰ বিকাশত জুই আৰু চকাৰ আৱিস্কাৰৰ পিচতে শব্দৰ স্থান। শব্দ ব্ৰহ্মৰ নিয়ন্ত্ৰণৰ যথোচিত ব্যৱস্থা আমি ল'ব লাগিব। দেশৰ চুকে-কোণে চলোৱা স্বচ্ছ ভাৰত অভিযানৰ লগতে স্বচ্ছ ভাৰতীয় মন গঢ়াৰো আমি অভিযান চলাব লাগিব।' অনুষ্ঠানৰ আঁত ধৰে মুকুল প্ৰসাদ বৰঠাকুৰে। একেটা অনুষ্ঠানতে লেখিকা মৃদুলা ভট্ট শৰ্মাৰ শিশু গ্ৰন্থ 'ককালৈ চিঠি' উন্মোচন কৰে কবীন বৰাই, অভিযন্তা মিনাৰা হুছেইনৰ 'হৃদয়ে যেতিয়া কান্দে' নামৰ উপন্যাস, নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জোনাক কৃষ্ণ শাণ্ডিল্যৰ ফিল'চফিকেল উপন্যাস 'ৰেডিঅ' এক্টিভ ' উন্মোচন কৰে আবু হানিফাই ।
- Log in to post comments
- 11 views