'কা' বাতিলৰ দাবীত ঘগ্ৰাপাৰত আছুৰ গণ অৱস্থান

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত দেওবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত 'আছু'ৰ উদ্যোগত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত গণ অৱস্থান কাৰ্য্যসূচী ৰূপায়ণ কৰে৷তদুপলক্ষে স্থানীয় ঘগ্ৰাপাৰ হাইৱে চ'কত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী,ৰাইজ তথা দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আমাক 'কা' নালাগে,আমি কা নামানো,সৰ্বানন্দ সোণোৱাল হুছিয়াৰ,হিমন্ত বিশ্ব শৰ্মা লেই লেই-চেই চেই,কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে৷অৱস্থানত আছুৰ কাৰ্য্যনিৰ্বাহ সদস্য ভৱজ্যোতি বেজবৰুৱা,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা,প্ৰক্তন ছাত্ৰ নেতা নগেন ডেকা,ভূপেন তালুকদাৰ আদি কৰি কেইবাজনো কা বিৰোধী আন্দোলনৰ নেতাই বক্তব্য প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী অসম বিৰোধী নাগৰিকত্ব আইনৰ পৰা হ'ব পৰা সমস্যাৰ বিতং বিৱৰণ দাঙি ধৰে৷

Your Comments