গোলাঘাটৰ প্ৰতিবেদক:
অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিতৌ চলি থকা 'কা' বিৰোধী প্ৰতিবাদৰ অংশ হ'ল গোলাঘাটৰ শিল্পী সমাজ।দেওবাৰে গোলাঘাট চহৰৰ মধ্যস্থান বাটা পইন্টত জনগোষ্ঠীয় 'সাংস্কৃতিক ঐক্য মঞ্চ,অসম' আৰু প্ৰবীন শিল্পী মঞ্চৰ যৌথ সহযোগত গীত - কবিতাৰে গোলাঘাটৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটৰ নবীন -প্ৰবীন সকলো সাংস্কৃতিক কৰ্মীৰ লগতে সাধাৰণজনেও 'কা'ৰ বিৰুদ্ধে গীত - কথা আৰু কবিতাৰে নিজৰ ক্ষোভ উজাৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ আপোনবিহীন হৃদয়ৰ কন্ঠ নিগৰাই চহৰখনত এটা প্ৰতিবাদী পৰিৱেশ ৰচনা কৰে।
- Log in to post comments
- 10 views