কেৰালাত ভয়াবহ বানৰ মূলতে বৃহৎ নদীবান্ধ : অখিল গগৈৰ অভিযোগ

akhil_gogoi

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত অখিল গগৈয়ে বৃহস্পতিবাৰে এখনি সংবাদ মেলৰ আয়োজন কৰে । কেৰেলাৰ বান পৰিস্থিতিক সন্দৰ্ভত আয়োজন কৰা এই সংবাদ মেলখনৰ যোগেদি কেৰেলাৰ সাম্প্ৰতিক বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণা কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাই ৷ সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কেৰেলাত সৃষ্টি হোৱা অভূতপূৰ্ব প্ৰলংকাৰী বানপানীক মানৱসৃষ্ট বুলি দেশৰ প্ৰসিদ্ধ পৰিৱেশ বিজ্ঞানীসকলে মন্তব্য কৰাৰ প্ৰসংগ উত্থাপন কৰি কয় যে আচলতে নদীবান্ধসমূহে এৰি দিয়া অতিৰিক্ত পানীৰ কাৰণেহে কেৰেলাৰ বানপানীয়ে ইমান ভয়াবহ ৰূপ ল’লে ৷

কেৰেলাৰ চৰকাৰৰ তথ্য মতেই তিনি শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনত ২২,০০০ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা এই অভাৱনীয় সংকটৰ বাবে মূলতঃ কেৰেলাৰ সৰ্ববৃহৎ নদীবান্ধ ‘ইডুক্কি’ আৰু ‘ইডামালায়ৰ’ লগতে ৰাজ্যখনৰ ৩৫টা নদীবান্ধেই জগৰীয়া বুলিও কৃষক নেতা গৰাকীয়ে দাবী কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা সংবাদ মেলখনত কেৰেলাৰ এই অভাৱনীয় সংকটৰ পৰা অসমে শিক্ষা লোৱাৰ সময় সমাগত বুলি কৃষক নেতা অখিল গগৈয়ে মন্তব্য কৰি কয় যে কেৰেলাত সৃষ্টি হোৱা জলপ্ৰলয়তকৈ বহু বেছি ভয়াৱহ দুৰ্যোগ অসম তথা উত্তৰ-পূৰ্বাঞ্চলে অনাগত দিনত সন্মুখীন হ'ব লাগিব ৷

তেওঁৰ মতে অসমৰ মূৰৰ ওপৰত চীন, অৰুণাচল প্ৰদেশ , ভূটান, নাগালেণ্ড আদি বিদেশী ৰাষ্ট্ৰ আৰু চুবুৰীয়া ৰাজ্যসমূহত তৈয়াৰ কৰা জলবোমা সদৃশ বৃহৎ বৃহৎ নদীবান্ধবোৰে অসমক সমূলাঞ্চে ধ্বংস কৰি পেলাব । আনহাতে নিৰ্মীয়মান ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু প্ৰস্তাৱিত ১০,০০০ মেগাৱাটৰ চিয়াং বা ডিবাং জলবিদ্যুৎ প্ৰকল্প নিৰ্মান সম্পূৰ্ণ হৈ উঠিলে সমগ্ৰ অসম প্ৰতি বছৰে কেৰেলা সদৃশ অভূতপূৰ্ব বানপানীৰ দুৰ্যোগত পৰিব বুলিও উপদেষ্টা গৰাকীয়ে নিজ বক্তব্যত প্ৰকাশ কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেইবাবেই নিৰন্তৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে জনমত গঠন আৰু আপোনবিহীন সংগ্ৰামত লিপ্ত হৈ আহিছে বুলিও সংবাদ মেলখনত তেওঁ সদৰী কৰে । ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে সৃষ্টি হৈ অহা এনেবোৰ জলপ্ৰলয়ৰ পৰাও অসম আৰু ভাৰত চৰকাৰে এতিয়াও শিক্ষা লোৱা নাই বুলিও একেখন সংবাদ মেলতে খেদ প্ৰকাশ কৰে ।

কেৰেলাৰ বানৰ পৰা শিক্ষা গ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে অতিশীঘ্ৰেই অৰুণাচল, ভূটান আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মান কৰি থকা সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ লগতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অতি শীঘ্ৰেই ভাঙি দিবলৈয়ো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰে । অসমৰ সামগ্ৰিক পাৰিৱেশিক সংকট অধ্যয়নৰ বাবে বিশেষজ্ঞ সমিতি গঠনৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৩১ আগষ্টত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত ৰাজ্যজুৰি আন্দোলন কৰাৰ কথাও সংবাদ মেলখনৰ যোগেদি নেতাগৰাকীয়ে ঘোষণা কৰে ।

Your Comments