বৰাজোলত নাৰীসমাজৰ 'কা' বিৰোধী পদযাত্ৰা

Pic
নৰেন শৰ্মা,বাহাৰঘাট: নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ অধীনস্থ আকনা শাখা ছাত্ৰ সন্থাই আজি নাৰী শক্তিৰ সহযোগত প্ৰতিবাদী পদযাত্ৰা উলিয়াই । চাৰি শতাধিক ছাত্ৰ-কৰ্মী, স্থানীয় মহিলাসমাজ আৰু ৰাইজে অংশগ্ৰহণ কৰা প্ৰতিবাদী পদযাত্ৰা মুকলি কৰি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলামে বিজেপি নেতৃত্বাধীন শাসনাধিষ্ঠিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেক্ষোভ প্ৰকাশ কৰে । আকনা শাখা আছুৰ সাধাৰণ সম্পাদক ৰমজান আলীয়ে আঁ‌ত ধৰা উক্ত পদযাত্ৰা সমদলত অংশগ্ৰহঅণ কৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যচৰকাৰে শান্তিপূৰ্ণ নলবাৰীত শান্তি সমদল পতাৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলৰ সতীৰ্থ মুখ্যমন্ত্ৰীসকলৰ পৰা শিকি-বুজি নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৯ বাতিলৰ বাবে কেন্দ্ৰক সৈমান কৰাবলৈ আহ্বান জনায় । আকনা আছুৰ সভাপতি কুশল পাঠকৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী পদযাত্ৰা সমদলকাৰী সকলে 'নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক', 'খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰক', 'কা আমি নামানো' 'মোদী-সোনোৱাল হুঁ‌চিয়াৰ', 'অমিত শ্বাহ-হিমন্ত বিশ্ব মুৰ্দাবাদ' আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকণ কলিতা, কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জিত শৰ্মা, আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক জীৱন জ্যোতি ডেকা ,প্ৰাক্তন ছাত্ৰনেতা জিতুমণি পাঠকে অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদী পদযাত্ৰাত স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।উল্লেখ‍্য‍্য যে বৰাজোল ছাত্ৰ সন্থাই আইনৰ বিৰুদ্ধে বিগতদিনত ধাৰাবাহিক আন্দোলন কৰাৰ লগতে যোৱা ১৭ ডিচেম্বৰত বৰাজোলৰ সাপ্তাহিক বজাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি তোলে।

Your Comments