গোলাঘাটৰ প্ৰতিবেদক:
নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰুদ্ধে শুকুৰবাৰে গোলাঘাটৰ তাই আহোম ছাত্ৰ সন্থাই কৰিলে অভিনৱ প্ৰতিবাদ। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰং-তুলিকা, কবিতা পাঠেৰে কৰিলে এই প্ৰতিবাদ।ছাত্ৰ সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাটৰ বহুকেইজন শিল্পী,কবিৰ লগতে সাধাৰণ নাগৰিকেও অংশ লৈ 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ক কোনো কাৰণতে মানি নোলোৱাৰ চিত্ৰ-,কবিতাৰে শৈল্পিক প্ৰতিবাদ সাব্যস্ত কৰে।
- Log in to post comments
- 9 views