আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিৰ একত্ৰিকৰণ 

kosh_rajbanshi

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিভাজিত হৈ থকা জিলা সমিতি দুখন একত্ৰিতকৰণ কৰি এখন নতুন জিলা সমিতি গঠন কৰা হয় ৷ এই উদ্দেশ্যে দেওবাৰে বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত এখন যৌথ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ক্ষিতীশ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত জিলাখনৰ দুই বিভাজিত জিলা সমিতিৰ ২৯ খন আঞ্চলিক  সমিতিৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷

প্ৰতিনিধি সভাত সকলো দিশ আলোচনা কৰাৰ অন্তত গোলাপ পাঠকক সভাপতি আৰু দিলীপ বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৬১ জনীয়া বঙাইগাঁও জিলা আক্ৰাছুৰ নতুন সমিতিখন সৰ্বসন্মত সিদ্ধান্ত মৰ্মে গঠন কৰা হয় ৷যৌথ প্ৰতিনিধি সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে উপস্থিত থাকি আক্ৰাছুক অধিক শক্তিশালী কৰাত নৱ গঠিত বঙাইগাঁও জিলা সমিতিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে ৷

লগতে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে যোৱা ৭ জানুৱাৰীত আক্ৰাছুৰ দুই বিভাজিত গোটৰ একত্ৰিকৰণ হৈছিল আৰু সংগঠনটোৰ কেন্দ্ৰীয় সমিতিখন নতুনকৈ গঠন কৰ হৈছিল ৷

ইয়াৰ পিছতে জিলা সমিতিসমূূহো গঠন কৰা হয় ৷ যৌথ প্ৰতিনিধি সভাত আক্ৰাছুৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জয় ৰায়, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰকে প্ৰমূখ্য কৰি নেতৃবৰ্গ উপস্থিত থাকে ৷

Your Comments