যশস্বী সাহিত্যিক-ভাষাতত্ববিদ নাহেন্দ্ৰ পাদুনলৈ 'সাহিত্যাচার্য সন্মান-২০১৯'

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

বছৰটোৰ অন্তত শিৱসাগৰবাসীলৈ এটা সুখবৰ।মিচিং ভাষা-সাহিত্যৰ পুৰোধা ব্যক্তি,বিশিষ্ট সাহিত্যিক,ভাষাতত্ববিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ 'সাহিত্যাচার্য-২০১৯' সন্মান আগবঢ়োৱা হৈছে।  মিচিং ভাষাৰ লগতে অসমীয়া ভাষা-সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই সাহিত্যক নাহেন্দ্র পাদুনলৈ ২০১৯ বর্ষৰ 'সাহিত্যাচার্য সন্মান' আগবঢ়াইছে। অহা ২৭ নৱেম্বৰত মাছখোৱা প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত আয়োজিত হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অনুষ্ঠান 'সমাৱৰ্তন-২০১৯'ত তেওঁক এই সন্মান প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ লগতে সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্রুৱজ্যোতি বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্রকাশজ্যোতি সন্দিকৈ দৰে কেইবাজনো গণ্য মান্য ব্যক্তিৰ উপস্থিতিত পাদুনক এই সন্মান প্ৰদান কৰা হ'ব। ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নাহেন্দ্র পাদুনে অসমীয়া ভাষাৰ লগতে মিচিং সাহিত্যলৈ মূল্যৱান অৱদান আগবঢ়াইছে।  শিৱসাগৰ চহৰৰ গণকপট্তিৰ সেউজপুৰৰ নিৱাসী সাহিত্যিক নাহেন্দ্র পাদুনলৈ অসম সাহিত্য সভাই আগবঢ়োৱা এনে সন্মানৰ বাবে স্বাভাৱিকতে ৰাজ্যৰ সাহিত্য অনুৰাগীসকলৰ লগতে উৎফুল্লিত হৈ উঠিছে শিৱসাগৰবাসী ।

Your Comments