এজন ব্যক্তিৰ ১৪৫টা ডিগ্ৰী

parthivan_channei

ব্যক্তিজনৰ নাম ভি এন পাৰ্থিবান৷ চেন্নাইৰ কলেজ অধ্যাপক৷ এখনত নহয়, বহু কেইখন কলেজত অধ্যাপনা কৰে তেওঁ ৷ প্ৰায় ১০০টা বিষয়ৰ ওপৰত পাঠদান কৰে৷ অতি দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা পাৰ্থিবানৰ ঘৰখনত বাবে ডিগ্ৰী গ্ৰহণ কৰাটো আছিল এক আভিজাতৰ প্ৰতীক, এক বিলাসীতা মাত্ৰ৷ তথাপি অতি কষ্ট কৰি পাৰ্থিবানে লাভ কৰিলে এটা ডিগ্ৰী৷

মনত দৃঢ়তা বাঢ়িল, জেদভাৱ আহিল৷ পঢ়া আৰম্ভ কৰিলে৷ এটা এটা বিষয় পঢ়ি গ’ল, পৰীক্ষা দিলে আৰু সুখ্যাতিৰে এটাৰ পিছত আন এটাকৈ ডিগ্ৰী লাভ কৰিবৈ আৰম্ভ কৰিলে ৷ বয়সৰ জোখেৰে ৫৫ বছৰীয়া পাৰ্থিবানে এই মুহূৰ্তলৈ সৰ্বমুঠ ১৪৫টা ডিগ্ৰী লাভ কৰিছে৷ ১০টা বিষয়ত এম এ, ৮টা বিষয়ত এম কম, ৩টাত এম এছ চি, ১২টাত এম ফিল, ৯টাত এম বি এ, ৮টাত এল এল বি ডিগ্ৰী লাভ কৰিছে পাৰ্থিবানে৷

অংকৰ প্ৰতিহে ভয় পাৰ্থিবানৰ৷ অধ্যাপক গৰাকীয়ে জনোৱা মতে এবাৰ তেখেত অংকত ফেইল কৰিছিল৷ অধ্যাপক গৰাকীৰ মতে তেখেতে এই ডিগ্ৰীবিলাক লাভ কৰাৰ ক্ষেত্ৰত কৃতিত্ব তেখেতৰ পৰিবাৰৰ ৷ অধ্যাপক পাৰ্থিবানৰ এইবাৰৰ লক্ষ্য ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰা৷ তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ 

পঢ়াৰ বাবে প্ৰতিটো দেওবাৰে পাৰ্থিবানে কষ্ট কৰে৷ কোনো ধৰণৰ বিশ্ৰাম তেওঁ গ্ৰহণ নকৰে৷ ফলত বৰ্তমান অধ্যাপক গৰাকীয়ে ওচৰ চুবুৰীয়াৰ নাম বিলাকো পাহৰিব লৈছে৷ কেতিয়াবা নিজৰ ঘৰলৈ যোৱা পথটোও পাহৰি যায়৷ তথাপি অধ্যাপক ব্যস্ত, ১৪৫টাৰ লগত আৰু কিছু ডিগ্ৰী সংযোগ কৰাৰ তাগিদাত৷

Your Comments