জলসম্পদ বিভাগৰ দ্বাৰা অৱহেলিত দেৰগাঁও

local_assam

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা অৱহেলিত দেৰগাঁও বিধানসভা সমষ্টিৰ অৰ্ন্তগত 40 নং উ: প: জনজাতি গাঁও পঞ্চায়তৰ নেউল গাঁৱত হৈ থকা কালৰূপী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বেইবাদিনো ধৰি চেষ্টা কৰি আহিছে। TMPK(মিচিং ছাত্ৰ সন্থা) আৰু অঞ্চলৰ কিছু সচেতন ব্যক্তিয়ে ওচৰত থকা গছ-গছনি আৰু বাঁহৰ পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ বাবে শ্ৰমদান কৰি আহিছে। যদি এনে ৰূপত খহনীয়া হৈ থাকে তেন্তে নিশ্চিত যে এই বৰ্ষত এই অঞ্চলৰ বহু গাঁও ব্ৰহ্মপূত্ৰৰ বুকুত লীন হ'ব ।

লগতে কৃৰ্ষি-কৰ্মৰ ওপৰত নিৰ্ভৰশীল প্ৰায় ৯৫% লোকৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। অতি পৰিতাপৰ বিষয় যে ২০০৮ চনৰ পৰা খহনীয়াহৈ থকা স্বত্বেও চৰকাৰৰ জলসম্পদ বিভাগে আজিকোপতি স্থায়ী প্ৰতিৰোধৰ ব্যবস্থা কৰা নাই। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দুবাৰকৈ খহনীয়াস্থলী পৰিদৰ্শন কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ ফলত  এই খহনীয়াই অতি কম দিনৰ ভিতৰতে দেৰগাঁও বিধান সভা সমষ্টিৰ বহুকেইখন গাঁও নিশ্চিহ্ন কৰাতো নিশ্চিত হৈ পৰিছে।
 

Your Comments