মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

majuli_assam

প্ৰায় ১০ কোটি টকীয়া  মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণত হোৱা বিসংগতি সন্দৰ্ভত মুখ্যমন্ত্ৰগৰাকীক হস্তক্ষেপ কৰি ব্যৱস্হা গ্ৰহণৰ বাবে মাজুলীৰ বিভিন্ন দল সংগঠনে দাবী জনাইছে। ছাত্ৰ সন্থা মাজুলী মহকুমা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টি এম পি কে মাজুলী জিলা সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, এম এম কে মাজুলী জিলা সমিতি, দেউৰী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আদি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিমূলক যৌথ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত শ্ৰীৰাম দেবোত্তৰত গড়মূৰ পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷

সভা নিৰ্মিয়মান মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়ৰ বিভিন্ন বিতৰ্কিত বিষয়বোৰ আতঁৰাই শীঘ্রে পূৰ্ণাংগ পৰ্যায়ৰ চিকিৎসালয় নিৰ্মাণত হস্তক্ষেপ কৰাৰ দাবী জনাইছে দল সংগঠনসমূহে । এই সন্দৰ্ভত শীঘ্রে মাজুলীৰ উপায়ুক্তৰ লগতে মাজুলীৰ স্হানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীগৰাকী দল সংগঠনসমূহৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰি এক আলোচনাত অংশ গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞা, মাজুলী জিলা সমিতিৰ সভাপতি জগত হাজৰিকা, ছাত্ৰ সন্থা মাজুলী মহকুমা সমিতিৰ উপদেস্টা পবিত্ৰ গোস্বামী, সম্পাদক বিতোপন শৰ্মা, টি এম পি কে মাজুলী সমিতিৰ সভাপতি নৃপেন কামান, শিক্ষক গনেশ ৰাজখোৱা, উত্তম বৰা, দুৰ্গা বৰা,বিশিষ্ট সমাজকৰ্মী ৰাম পেগু  আদি বিভিন্ন লোকে প্ৰকল্পটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সংলিস্ট স্বাস্থ্য বিভাগ তথা ঠিকাদাৰী পক্ষই বিভিন্ন অনিয়ম সংঘঠিত কৰাৰ কথা ঐকমতপোষণ কৰে।

এইক্ষেত্রত মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰা দুৰ্বল ভূমিকাক সমালোচনা কৰি আচঁনিৰ প্ৰাককলনমতে আচঁনি ৰূপায়ন কৰাৰ ব্যৱস্হা গ্ৰহণৰ দাবী তোলে। টি এম পি কে মাজুলী জিলা সমিতিৰ সভাপতি নৃপেন কামানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত এম এম কে মাজুলী জিলা সমিতিৰ সভাপতি ৰাজীৱ পেগু, ৰণ্জ্ঞিত গাম, মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা,দীপক নেওঁগ,সাংবাদিক ৰাজীৱ পাতিৰ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰশান্ত বৰা, টি এম পি কে মাজুলী জিলা সমিতিৰ সম্পাদক টুটু পাংগিং, অনুসূচিত জাতি ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ সম্পাদক বিকাশ দাস, গোৰ্খা ছাত্ৰ সন্থাৰ দীপক চেত্ৰী আদিকে ধৰি বিভিন্ন লোক উপস্হিত থাকে।
 

Your Comments