মাজুলী অফলামূখ পাৰঘাট পথ মেৰামতি গড়কাপ্তানি বিভাগৰ    

parghat_assam

মাজুলীৰ অন্যতম গুৰুত্বপূর্ণ পাৰঘাট  অফলামূখ পাৰঘাট-দক্ষিণপাট তিনিআলি সংযোগী পথত গড়কাপ্তানি বিভাগে উন্নয়ণৰ তৎপৰতা গ্ৰহণ কৰিছে। প্ৰায় ১৮ শ মিটাৰ মথাউৰিৰ দৈৰ্ঘ্যৰ পথচোৱায়েদি ঘাটলৈ যোৱা যাত্রীৰ তথা ৰোগীক যাতায়তৰ ক্ষেত্ৰত জীয়াতু  ভোগাই আহিছিল ।

ইয়াৰ দ্ধাৰা মাজুলীৰ জৰুৰীকালীন ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে ১০৮ জৰুৰীকালীন ফেৰীৰে নিয়া হয়। ইয়াৰোপৰি উজনি মাজুলীৰ নতুন বজাৰ , জেংৰাইমুখ, ফুলনি, ৰঙাচাহী, মধ্য মাজুলী, ভকতিদোৱাৰ, ৰতনপুৰ গায়ন, বনগাওঁ,  ৰাৱনাপাৰ, কমলাবাৰী,  গড়মূৰ আদি অঞ্চলৰ  জনসাধাৰণে অফলামূখ পাৰঘাটেদি যাতায়ত কৰে।

যিহেতু এই পথচোৱা সম্পূৰ্ণ জলসম্পদ বিভাগৰ অধীনত থকা এই পথচোৱা কোনো মেৰামতি ব্যৱস্থা নকৰাত মথাউৰিটো যাতায়তৰ অনুপযোগী হৈ পৰাৰ পৰিপ্রেক্ষিতত যাত্রীয়ে বিভিন্ন সময়ত দুৰ্ঘটনা সন্মুখীন হৈ আহিছিল। যোৱা কালিও এখন চাৰিচকীয়া গাড়ী এখন দুৰ্ঘটনাত পতিত হৈ তিনি জন যাত্ৰী গুৰুতৰভাৱে আহত হৈ যোৰহাটত চিকিৎসাধীন হৈ আছে ।

এনে পৰিপ্রেক্ষিতত মাজুলীৰ জিলা প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি  উক্ত পথচোৱা ততালিকে মেৰামতি কৰাৰ বাবে মাজুলীৰ গড়কাপ্তানি বিভাগক দিয়ে । গড়কাপ্তানি বিভাগে আজিৰ পৰা মেৰামতি কাম আৰম্ভণি কৰিছে ।
 

Your Comments