ভাৰতীয় বাঙালী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাটো সহ্য নকৰে বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে 

bengali_nrc

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যৌথ উদ্যোগত তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত হয়। বাগসা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি অধীৰ আৰ্য্যই সংবাদ মেলখন সম্বোধি কয় যে বাগসা জিলাৰ এন.আৰ.চি. সেৱা কেন্দ্ৰ সমূহত যথেষ্ট পৰিমাণে বিসংগতি দেখা গৈছে।

এন.আৰ.চি.ৰ লগত জড়িত একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু ভুলৰ বাবেই উদ্ভৱ হৈছে বিসংগতিৰ। যাৰ ফল ভোগ কৰিব লগা হৈছে বহু প্ৰকৃত ভাৰতীয় নাগৰিকে। বাগসা জিলাৰ বাঙালী জনগোষ্ঠীৰ লোকসকলৰ উপযুক্ত আৰু বৈধ নথি পত্ৰ থকাৰ পিছতো এন.আৰ.চি.ৰ দ্বিতীয় খচৰাত বাগসা  জিলাত বহু বাঙালী লোকৰ নাম বাদ পৰিছে।

কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন.আৰ.চি.ৰ পৰা বাদ পৰা কাৰ্য্য কেতিয়াও সহ্য কৰা নহব বুলি অধীৰ আৰ্য্যই হুংকাৰ দিয়ে সংবাদ মেলযোগে । সংবাদ মেলত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি নিখিল দে'ই কয় যে ১৯৬৪ চনৰ মাটিৰ দলিল দাখিল কৰাৰ পিছতো এন.আৰ.চি. কৰ্তৃপক্ষই অবৈধ ঘোষণা কৰিছে । নিখিল দে'ই অভিযোগ কৰি কয় যে এনে নথি অগ্ৰাহ্য কৰি এন.আৰ.চি. কৰ্তৃপক্ষই দৰাচলতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে ।

নিখিল দে'ই সংবাদ মেলত পুনৰ কয় যে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰে পৰা অসমত বসবাস কৰা জাতি-ধৰ্ম-বৰ্ণ-ভাষা নির্বিশেষে প্ৰতি গৰাকী লোকেই প্ৰকৃত ভারতীয় নাগৰিক। কিন্তু ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ বৈধ নথি-পত্ৰ দাখিল কৰাৰ পিছতো বহু লোকৰ নাম এন.আৰ.চি.ৰ দ্বিতীয় খচৰাত  অন্তৰ্ভুক্ত নকৰি অসম চুক্তিকো অৱমাননা কৰিছে বুলি তেওঁ মন্তব্য কৰে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অসম চুক্তিক সন্মান কৰি অহা বুলি উল্লেখ কৰি অসম চুক্তিৰ আধাৰত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে নিখিল দে'ই।

প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন.আৰ.চি.ত  অন্তৰ্ভুক্ত নহলে অসমত উদ্ভৱ হব পৰা যিকোনো অশান্তিকৰ পৰিস্থিতিৰ বাবে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এন.আৰ.চি. কৰ্তৃপক্ষই  দায়ী হব বুলি নিখিল দে'ই সংবাদ মেলযোগে সকীয়াই দিয়ে। সংবাদ মেলখনত উপস্থিত থাকি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুশীল দাসে কয় যে এন.আৰ.চি. ত দেখা দিয়া বিসংগতিয়ে বাঙালী লোক সকলৰ মাজত হতাশগ্ৰস্ত পৰিবেশৰ সৃষ্টি কৰিছে।

বিশেষকৈ বাগসা জিলাতেই অধিক সংখ্যক বাঙালী লোকৰ নাম এন.আৰ.চি.ৰ দ্বিতীয় খচৰাত বাদ পৰিছে। অথচ সেই সকল বাঙালী লোকে বৈধ নথি-পত্ৰ জমা দিছে। সেয়েহে প্ৰকৃত ভাৰতীয় বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ নাম বৈধ নথি-পত্ৰৰ ভিত্তিত এন.আৰ.চি.ত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে সুশীল দাসে।

Your Comments