জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
বিশ্বনাথ জিলাৰ বালিজুৰী ধোবিখোলাত অঞ্চলৰ নেপালী জনগোষ্ঠীৰ লগতে জাতি-বৰ্ণ- ধৰ্ম নিৰ্বিশেষে সহায়-সহযোগত অন্যতম বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিয়ে তিনিদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱ অনুষ্ঠিত কৰে ৷ বালিজুৰী ধোবিখোলাত ৭, ৮ আৰু ৯ নৱেম্বৰত বিস্তৃত কাৰ্যসুচীৰে শ্ৰীবিষ্ণু কীৰ্ত্তন সংঘ আৰু শ্ৰীলক্ষ্মী কীৰ্ত্তন সংঘৰ যৌথ উদ্যোগত এই অখণ্ড হৰি কীৰ্ত্তন অনুষ্ঠিত কৰা হয়।বিশ্ব মানৱৰ শান্তি আৰু বিকাশৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা এই হৰি কীৰ্ত্তন মহোৎসৱত অঞ্চলটোৰ ৫০ খন হৰি কীৰ্ত্তন সংঘই অংশগ্ৰহণ কৰে ৷
উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ সভাপতি নাৰায়ণ থাপা আৰু সম্পাদক বুদ্ধিমান ভূজেলে জানিবলৈ দিয়ামতে ৭ নৱেম্বৰৰ সন্ধ্যা বন্তি প্ৰজ্বলন কৰে প্ৰশুৰাম লমশালে।পুৱতি নিশা সহস্ৰাধিক মহিলাই জীয়াভৰলী নদীৰ পৰা জলযাত্ৰা অনুষ্ঠান আৰম্ভ কৰাৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰে উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ সভাপতি নাৰায়ণ থাপাই ৷ অঞ্চলটোৰ জাতীয় শ্বহীদসকলক স্মৰণ কৰি স্মৃতি তৰ্পনত পুষ্পাঞ্জলি, মাল্যাৰ্পণ কৰে সমাজ সেৱক টংক সাপকোটাই ৷ পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা অখণ্ড হৰি কীৰ্ত্তনভাগ ৯ নৱেম্বৰৰ পুৱা সামৰণি পৰে ৷ এই অখণ্ড হৰি কীৰ্ত্তনত বিশেষভাৱে মহিলাসকলে অংশগ্ৰহণ কৰিছিল আৰু দলসমূহৰ মাজত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ হৰি কীৰ্ত্তন মহোৎসৱভাগত ভক্তপ্ৰাণ ৰাইজৰ বহুল উপস্থিতিত বৃন্দাবনলৈ পৰিণত হোৱা দেখা গ'ল ।
- Log in to post comments
- 27 views