সদ্যপ্ৰয়াত ডিমাছা ৰজাৰ বাসগৃহত সাংসদ হীৰা শৰণীয়া

Naba_assam

ডিমাছা সম্প্ৰদায়ৰ ৰজা ধৰ্মেশ্বৰ কোঁৱৰ হাচনুৰ যোৱা ১৪ আগষ্টত  ৯৫   বছৰ বয়সত  নিজকামপুৰৰ  বাসগৃহত মৃত্যু হয় । সদ্যপ্ৰয়াত ৰজাজনৰ বাসগৃহত আজি উপস্থিত হয়  কোকৰাঝাৰ সমষ্টিৰ সাংসদ হীৰা শৰণীয়া ।সাংসদজনে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে । ৰজাজনৰ ঘৰতে কলং কপিলী ডিমাচা সমাজে সাংসদগৰাকীক ৪টা দাবীৰ এখন স্মাৰকপত্ৰ দিয়ে ।

দাবীসমূহ হ'ল-ডিমাচা ৰজা কৃষ্ণ চন্দ্ৰই স্থাপন কৰা দক্ষিনপাট কলং পাৰত অৱস্থিত কছাৰী সত্ৰ উন্নয়ন আৰু ঐতিহাসিক সত্ৰ ৰূপে গঢ়ি তোলা,কলং কপিলী পাৰৰ অববাহিকাৰ লোকসকলক ডিমাচা প্ৰমান পত্ৰ প্ৰদান,ধনেশ্বৰ কোৱঁৰে দান দিয়া ভূমিত ডিমাচা প্ৰেক্ষাগৃহ নিৰ্মাণ, ডি এইচ ডি ৰে কেন্দ্ৰীয় চৰকাৰৰ চেটেলাইট টেৰিটৰিয়েল ব্যৱস্থা শীঘ্ৰে চালু কৰা আদি ।

Your Comments