১১ নৱেম্বৰত মাজুলীৰ ৰাস মহোৎসৱ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Cm

'নিউজ এএছএন'ৰ মাজুলীৰ প্ৰতিবেদক:

মাজুলীৰ বিভিন্ন সত্ৰানুষ্ঠান আৰু ৰাসলীলা আয়োজক সমিতিসমূহৰ উদ্যোগত নিজ নিজ ৰঙ্গমঞ্চত বিগত বছৰসমূহৰ দৰে এইবাৰো অহা ১১ নৱেম্বৰৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা সোমবাৰে দুপৰীয়া ২ বজাত গড়মূৰ মিনি ষ্টেডিয়ামত মাজুলীৰ প্ৰতিখন ৰাসমঞ্চৰ উদ্যোক্তাৰ উপস্থিতিত মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মাজুলীৰ এইবাৰৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰিব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীত এইবেলি ৰাসৰ আয়োজন কৰা ৫৯খন ৰাসমঞ্চৰ উদ্যোক্তাসকলক সম্বৰ্ধনা জনাব। তদুপৰি, শুভাৰম্ভণি অনুষ্ঠানত মাজুলীৰ ৰাসৰ স্বকীয় বিশেষত্বক প্ৰতিফলিত কৰা আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰিব একাধিক ৰাসমঞ্চৰ শিল্পীৰ দলে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, পৰ্যটন বিভাগ তথা অসম পৰ্যটন উন্নয়ন নিগমৰ যৌথ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত গড়মূৰত সোমবাৰে দুপৰীয়া আয়োজন কৰা এইবাৰৰ মাজুলীৰ ৰাস মহোৎসৱৰ এই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মাজুলীবাসী সদৌতি ৰাইজৰ লগতে মাজুলীত ৰাস দৰ্শনৰ বাবে অহা সকলো অতিথি-পৰ্যটককে সাদৰ নিমন্ত্ৰণ জনাইছে জিলা প্ৰশাসনে। এই শুভাৰম্ভণি অনুষ্ঠানৰ পিছত সন্ধিয়ালৈ মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীৰ সবাতোকৈ পুৰণি ৰাসথলী দক্ষিণপাট সত্ৰৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস উৎসৱৰ প্ৰথমদিনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী গৰাকীয়ে সেইনিশা মাজুলীতে বাহৰ পাতি আন একাধিক ৰাসথলীতো ৰাসলীলা দৰ্শন কৰি উদ্যোক্তা তথা ভক্তপ্ৰাণ ৰাইজক উৎসাহিত কৰিব।

Your Comments