শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্রতিবেদন :
অসমৰ পৰ্যটন মানচিত্ৰত থকা হাজো আৰু শুৱালকুছি সংযোগী পথটিৰ দুৰৱস্থাই এতিয়া জীয়াতু ভোগাই আহিছে ঐতিহ্যপূৰ্ণ ঠাইখনৰ বাসিন্দা সকলক।যিটো সময়ত লাখ লাখ টকা খৰছ কৰি বিদেশী পৰ্যটকক চৰকাৰী খৰচত বিদেশ ভ্ৰমণ কৰাইছে, সেই সময়তে পৰ্যটনৰ ক্ষেত্ৰ হাজো আৰু শুৱালকুছি সংযোগী পথটি বছৰৰ পিছত বছৰ ধৰি নিৰ্মাণ নকৰাৰ ফলত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে হাজোৰ গনেশ মন্দিৰ আমদলা হৈ বংশৰ অভয়পুৰীয়া পামলৈ মাত্ৰ ৫ কিলোমিটাৰৰ পথটি বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত শুৱালকুছি আৰু হাজোৰ মাজৰ চমু পথটোৰে যাতায়ত বন্ধ হৈ আছে ৷ হাজোৰ গনেশ মন্দিৰৰ পৰা বংশৰ হৈ শুৱালকুছিলৈ গাড়ীৰে যাত্ৰা কৰিলে ২০ মিনিট সময়ৰ আৱশ্যক ৷ ইয়াৰ বিপৰীতে বৰ্তমানৰ যাতায়ত ব্যৱস্থা অনুসৰি শুৱালকুছিৰ পৰা শিঙিমাৰী - চেচাঁমুখ - দমদমা হৈ হাজোলৈ গলে প্ৰায় ৪০ /৫৫ মিনিট সময়ৰ প্ৰয়োজন ৷ ১৯৮০ চনৰ পূৰ্বে হাজো - বংশৰ সংযোগী পথটি যাতায়তৰ বাবে সুচল আছিল।উক্ত পথটিৰে শুৱালকুছি - নলবাৰীৰ মাজত বাছ চলাচল কৰিছিল ৷ বৃহত্তৰ শুৱালকুছি অঞ্চলৰ ৰাইজে ৰাজহ চক্ৰবিষয়া আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্য্যলয়লৈ সঘনে অহা - যোৱা কৰিছিল ৷ ১৯৭৯ চনত অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ সময়ত পথটি আৰু পথৰ ওপৰত থকা দলং বোৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ৷ ১৯৯৯ চনৰ অসম সাহিত্য সভাৰ হাজো অধিৱেশনৰ সময়তো পথটিৰ কিছু মেৰামতি কৰা হৈছিল ৷ কিন্তু ১৯৮০ চনৰ পিছত হাজো - আমদলা - শুৱালকুছি সংযোগী পথটি পৰিত্যক্ত হৈ পৰে তেতিয়াৰ পৰা যাত্ৰাবাহী বাছৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ পথটিৰ দাঁতিত থকা লোক সকলে ক’লাজল ( ভেলামাৰী) নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মানুহে ৪/৫ কিলোমিটাৰ খোজ কাঢ়ি হাজো নাইবা বংশৰ তিনি আলি অথবা আমদলাত গাড়ী ধৰিব লাগে ৷ অসমৰ দ্বিতীয় গৰাকী মূখ্যমন্ত্ৰী লৌহ মানৱ বিষ্ণুৰাম মেধীৰ অনবদ্য প্ৰচেষ্টাত পূৱ বংশৰ , পশ্চিম বংশৰ , ৰামদিয়া আৰু হাজো মৌজাৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ বাবে বাট - পথ নিৰ্মাণ কৰিছিল ৷ হাজো সমষ্টিৰ অন্তৰ্গত হাজো - আমদলা - বংশৰ পথটিৰ জন্ম দাতা বিষ্ণুৰাম মেধীৰ উত্তৰসূৰী সকলে বিশেষকৈ ১৯৮৩ চনৰ পিছৰ বিধায়ক সকলৰ অৱহেলা ,উদাসীনতাৰ বাবেই ইতিহাসপ্ৰসিদ্ধ তীৰ্থভূমি হাজো আৰু পাট-মুগা বস্ত্ৰ উৎপাদনৰ গৰিমা বহন কৰা বস্ত্ৰ নগৰী শুৱালকুছিৰ মাজৰ সংযোগী পথটি জৰাজীৰ্ণ হৈ পৰিছে ৷ স্থানীয় ৰাইজ তথা সচেতন নাগৰিকে উক্ত পথটি নিৰ্মাণৰ কাৰণে বিভাগীয় কাৰ্য্যবাহী অভিযন্তাক আবেদন-নিবেদন কৰছিল ৷ কিন্তুু ৰাজনৈতিক সদিচ্ছা আৰু জনপ্ৰতিনিধিৰ উদাসীনতাৰ বাবেই বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ থাকিল বুলি একাংশ স্থানীয় ৰাইজে অভিযোগ কৰে ৷
অন্যহাতে পথৰ দুৰৱস্থাৰ ফলত গাঁওবাসীয়ে আজিকোপতি ১০৮ মৃত্যুঞ্জয় সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে ৷ অসম চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰীৰ সমষ্টিৰ গাত লাগি থকা হাজো সমষ্টিৰ উক্ত পথটি নিৰ্মাণ কৰি দুটা পৰ্যটন কেন্দ্ৰৰ মাজৰ পথটি পুনৰ নিৰ্মাণ কৰাৰ বাবে সমাগত অসম সাহিত্য সভা শুৱালকুছি অধিৱেশনৰ আগমুহূৰ্তত ৰাজনৈতিক সদিচ্ছাৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে উল্লেখ কৰে ।
- Log in to post comments
- 76 views